ETV Bharat / state

ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ চাৰি লক্ষাধিক ভূমি বেদখলকাৰীৰ কৱলত: আদিত্য খাখলাৰী - ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ চাৰি লক্ষাধিক ভূমি

ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ চাৰি লক্ষাধিক ভূমি বেদখলকাৰীৰ কৱলত(Tribal belt and blocks More than 400,000 land under the control of encroachers) ৷ জনজাতি খণ্ড-আবেষ্টনীৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবী ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাখলাৰীৰ ৷

All assam tribal youth league Seminar on Tribal issue
ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ চাৰি লক্ষাধিক ভূমি বেদখলকাৰীৰ কৱলত: আদিত্য খাখলাৰী
author img

By

Published : Sep 24, 2022, 10:37 PM IST

কোকৰাঝাৰ ২৪ ছেপ্টেম্বৰ: জনজাতিৰ বিভিন্ন বিষয় সন্দৰ্ভত আজি কোকৰাঝাৰত অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ (Seminar on Tribal issue)৷ সদৌ অসম ট্ৰাইবেল য়ুথ লীগৰ উদ্যোগত অনুষ্ঠিত হয় এই আলোচনা চক্ৰৰ(All Assam tribal youth league) ৷ কোকৰাঝাৰ চহৰৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জনজাতিসকলৰ বিশেষ চাৰিটা প্ৰসংগক লৈ অনুষ্ঠিত হয় আলোচনাচক্ৰখন ৷

সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনিত মুলত: অসম ভূমি ৰাজহ আইন, ১৯৮৬ চনৰ ১০ নং অনুচ্ছেদ, বন অধিবাসী আইন ২০০৬, অসম অনুসূচিত জাতি আৰু জনজাতি (অত্যাচাৰ প্ৰতিৰোধী) আইন ১৯৮৯ আৰু অনুসূচিত জাতি আৰু জনজাতিৰ আসন সংৰক্ষিত আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত লবলগীয়া বিশেষ পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ইপিনে আলোচনা চক্ৰৰ অন্তত সংবাদ মাধ্যমৰ আগত সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে অসমৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ চাৰি লক্ষাধিক ভূমি বেদখলকাৰীৰ কৱলত বুলি বিস্ফোৰক মন্তব্য প্ৰদান কৰি বিটিআৰতো হেজাৰ হেজাৰ বিঘা মাটি বেদখল হৈছে বুলি গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে(encroachment in BTR) ৷

ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ চাৰি লক্ষাধিক ভূমি বেদখলকাৰীৰ কৱলত: আদিত্য খাখলাৰী

ইতিমধ্যে জনজাতি বেষ্টনী -আৱেষ্টনীৰ ভূমি বেদখল কৰা সন্দৰ্ভত প্ৰদ্যুৎ বৰা নামৰ এজন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ২০১৯ চনত ৰীট আবেদন দাখিলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তলৈ বেদখলকাৰীক উচ্ছেদৰ বাবে জাননী প্ৰদান কৰিছিল(Gauhati high court)৷কিন্তু দুৰ্ভাগ্যজনকভাৱে জিলা উপায়ুক্তসমূহৰ লগতে ৰাজ্য চৰকাৰখনে বিষয়টোকলৈ গুৰুত্ব প্ৰদান নকৰাত উদ্বেগ ব্যক্ত কৰে খাখলাৰীয়ে ৷

All assam tribal youth league Seminar on Tribal issue
ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ চাৰি লক্ষাধিক ভূমি বেদখলকাৰীৰ কৱলত: আদিত্য খাখলাৰী

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিটিআৰতো জনজাতিৰ খণ্ড-আৱেষ্টনীৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে খাখলাৰীয়ে দাবী জনায় ৷ আজিৰ আলোচনা চক্ৰৰ যোগেদি ছয় দফীয়া দাবীৰ এক স্মাৰক পত্ৰ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো (BTR Chief Executive Pramod Boro) আৰু বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী লৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে খাখলাৰীয়ে ৷ উল্লেখ্য যে, আলোচনা চক্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শব্দৰাম ৰাভা , বিটিআৰৰ ভূমি আৰু ৰাজহ বিভাগৰ সচিব নৰেন চন্দ্ৰ বসুমতাৰী, সদৌ অসম ট্ৰাইবেল য়ুথ লীগৰ সম্পাদক বিজয় বসুমতাৰী আৰু ট্ৰাইবেল সংঘৰ বিভিন্ন নেতৃবৃন্দ উপস্থিত আছিল ৷

লগতে পঢ়ক: কাইলৈ মহালয়া: দাক্ষায়ণীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.