ETV Bharat / state

নাথ যোগীক অন্তৰ্ভূক্ত কৰক কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত : অৰবিন্দ নাথ - অনশন

কোকৰাঝাৰত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ অনশন কাৰ্যসূচী ৷ কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগীৰ প্ৰতিনিধি অন্তৰ্ভূক্তিৰ দাবী সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ ৷

all assam nath jogi studen union protest
নাথ যোগীৰ প্ৰতিবাদ
author img

By

Published : Oct 5, 2021, 10:10 AM IST

কোকৰাঝাৰ, 5 অক্টোবৰ : সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত সোমবাৰে কোকৰাঝাৰ শিশু উদ্যানত ৰূপায়ন কৰা হয় এক অনশন কাৰ্যসূচীৰ । প্ৰতিকুল বৰতকো নেওচি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ নেৰ্তৃত্বত ৰূপায়ন হোৱা অনশন কাৰ্যসূচীত নাথ যোগী ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক কৰ্মী তথা সমৰ্থকে অংশগ্ৰহণ কৰে । প্ৰতিবাদকাৰীৰ দাবী, শীঘ্ৰে পূৰণ কৰক তেওঁলোকৰ দাবী ৷

প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, প্লে-কাৰ্ড লৈ ‘জনজাতিকৰণ আমাৰ নায্য দাবী’, ‘জনজাতিকৰণ আমাক লাগিবই’, ‘কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগীৰ প্ৰতিনিধি অন্তৰ্ভূক্ত কৰক’ ইত্যাদি শ্ল’গানেৰে অনশনথলী উত্তাল কৰি তোলে ৷ প্ৰতিবাদস্থলীৰ পৰাই সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ হুংকাৰ, নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণ, নাথ যোগী জনগোষ্ঠীৰ বাবে উপগ্ৰহীয় স্বায়ত্বশাসন, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত নাথ যোগী জনগোষ্ঠীৰ প্ৰতিনিধিক অন্তৰ্ভূক্তিকৰণৰ দাবী পূৰণ নোহোৱালৈকে ক্ষান্ত নহয় নাথ যোগী জনগোষ্ঠী ।

all assam nath jogi studen union protest
নাথ যোগীৰ প্ৰতিবাদ

ৰাজ্যৰ উপ নিৰ্বাচনৰ পূৰ্বে নাথ যোগী ছাত্ৰ সন্থাৰ দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাই সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদকগৰাকীয়ে ৷ অন্যথা ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে সম্পাদক অৰবিন্দ নাথে ।

লগতে পঢ়ক: পশ্চিমবংগত উদ্ধাৰ অসমৰ অপহৃত দুই যুৱক

ইয়াৰ উপৰিও নাথ যোগী জনগোষ্ঠীক চৰকাৰে মাহী আইৰ চকুৰে চাইছে বুলি মন্তব্য কৰে নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদকদৰাকীয়ে ৷ লগতে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অন্তৱৰ্তীকালিন পৰিষদত নাথ যোগী জনগোষ্ঠীৰ প্ৰতিনিধি অন্তৰ্ভূক্তি কৰিবলৈ দাবী উত্থাপন কৰে সম্পাদক গৰাকীয়ে । আনহাতে, চৰকাৰে বাৰে বাৰে প্ৰৱঞ্চনা কৰি আছে নাথ যোগী জনগোষ্ঠীক ৷ প্ৰতিবাদস্থলীৰ পৰাই এই অভিযোগ উত্থাপন কৰিছে নাথ যোগী প্ৰতিবাদকাৰীসকলে ৷

নাথ যোগী জনগোষ্ঠীক কৰা এই প্ৰতাৰণা সহ্য কৰা নহ’ব বুলি মন্তব্য কৰি সৰ্বদিশতে বঞ্চিত, শোষিত, অবহেলিত জনগোষ্ঠীটোৰ উন্নয়নত চৰকাৰে গুৰুত্ব দিয়া নাই বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ আনকি প্ৰতিবাদকাৰী নাথ যোগী ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

উল্লেখ্য যে, সোমবাৰৰ পৰা নাথ যোগী ছাত্ৰ সন্থাই কোকৰাঝাৰত ৭২ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল যদিও অতিপাত বেয়া বতৰৰ বাবে অনশন কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিব লগীয়া হয় ৷

লগতে পঢ়ক: অমৃত মহোৎসৱত অংশগ্ৰহণৰ বাবে লক্ষ্নৌত মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.