কোকৰাঝাৰ, 8 জানুৱাৰী: কোকৰাঝাৰ জিলাৰ সেৰফাংগুৰীত অনুষ্ঠিত হয় সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ বিংশতিতম কেন্দ্ৰীয় শ্বহীদ দিৱস ৷ আক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত তথা সেৰফাংগুৰী-ৰাম্ফলবিল আঞ্চলিক সমিতিৰ সহযোগত সেৰফাংগুৰীৰ কলবাৰী পথাৰত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হয় আক্ৰাছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস ৷
বৃহস্পতিবাৰে পুৱা সংগঠনৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি কামেশ্বৰ ৰায়ে ৷ বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
মন্ত্ৰী গৰাকীয়ে নিজ ভাষণত আক্ৰাছুৰ ১৪ গৰাকী শ্বহীদ পৰিয়ালৰ নিকটাত্মীয়লৈ ৫ লাখকৈ এককালীন সাহায্য প্ৰদানৰ ঘোষণা কৰে ৷ তদুপৰি অহা ৩০ দিনৰ ভিতৰত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠনৰ কাম প্ৰায় সম্পূৰ্ণ হ'ব বুলি কৈ গোলকগঞ্জত এখন ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হ'ব বুলিও ঘোষণা কৰে ৷
আনহাতে আক্ৰাছুৰ নেতৃবৰ্গক একত্ৰিত হ'বলৈ আহ্বান জনাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মহাৰাজ নৰনাৰায়ণ কোচ, বীৰ চিলাৰায়ে দেখুৱাই যোৱা পথেৰে আগবাঢ়ি কোচ-ৰাজবংশী জনগোষ্ঠীয়ে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'ব লাগে ৷ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা এলেকাত কোচ ৰাজবংশী জনগোষ্ঠী ক্ৰমান্বয়ে এতিয়া সংখ্যালঘূত পৰিণত হৈছে আৰু সেয়েহে আক্ৰাছুৰ উদ্যোগত এক বিশেষ সম্প্ৰদায়ক মাটি -বাৰী বিক্ৰী নকৰাৰ বাবে জাতীয় আন্দোলন হ'ব লাগে ৷
তদুপৰি বিটিআৰত কোন থাকিব, কোন নাথাকিব সেইয়া এইবাৰ গণতান্ত্ৰিকভাৱে সিদ্ধান্ত হওক বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই । আনপিনে সাংবাদিকৰ এক প্ৰশ্ন উত্তৰত মন্ত্ৰী শৰ্মাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধানৰ প্ৰক্ৰিয়া প্ৰায় অন্তিম পৰ্যায়ত বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সকলো জনগোষ্ঠীয় সংগঠনৰ সতে আলোচনা কৰা হৈছে বুলি মত প্ৰকাশ কৰে । অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পাছত অখিল গগৈৰ মাতৃয়ে তেওঁলোকক গুলিয়াই মাৰক বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো মাতৃলৈ প্ৰণাম বুলি বিষয়টোৰ পৰা ফালৰি কাটে ৷
লগতে পঢ়ক: বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হ'ব কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদ:হিমন্ত বিশ্ব শৰ্মা