ETV Bharat / state

Kokrajhar Moral Policing: কোকৰাঝাৰত মৰেল পুলিচিঙত জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ - Kokrajhar Moral Policing

কোকৰাঝাৰত মৰেল পুলিচিঙৰ ঘটনাক লৈ অব্যাহত প্ৰতিক্ৰিয়া ৷ মাগুৰমাৰীৰ মৰেল পুলিচিঙৰ ঘটনাৰে জড়িত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ মূল অভিযুক্তক অতি শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী এবছু, এবিএমছুৰ ৷

Kokrajhar Moral Policing incident
মৰেল পুলিচিঙৰ ঘটনাক লৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া
author img

By

Published : Aug 6, 2023, 7:17 PM IST

মৰেল পুলিচিঙৰ ঘটনাক লৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া

কোকৰাঝাৰ, ৬ আগষ্ট:মৰেল পুলিচিঙৰ ঘটনাক লৈ কোকৰাঝাৰত প্ৰতিক্ৰিয়া অব্যাহত । ইয়াৰ মাজতে আৰক্ষীয়ে মাগুৰমাৰীৰ মৰেল পুলিচিঙৰ ঘটনাৰ সৈতে জড়িত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে । কোকৰাঝাৰ সদৰ আৰক্ষীয়ে শনিবাৰে পুৱতি নিশা তিনি বজাত অভিযান চলাই মাগুৰমাৰীৰ পৰা মৰেল পুলিচিঙৰ সৈতে জড়িতসকলৰ ভিতৰত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱকদ্বয় হ'ল ক্ৰমে মাগুৰমাৰীৰ কৌশিত মণ্ডল আৰু পিংকু ৰায় ৷ আনহাতে ঘটনাৰ মুল অভিযুক্ত ৰজত মণ্ডল সম্প্ৰতি পলাতক হৈ আছে ৷

উল্লেখ্য যে, যোৱা তিনি আগষ্টত মাগুৰমাৰীত ৰজত মণ্ডলৰ নেতৃত্বত উদণ্ড যুৱকৰ এটা দলে গৰুচোৰৰ সন্দেহত ঢাউলিগুৰীৰ মেধা ব্ৰহ্ম আৰু জাওলিয়াপাৰাৰ মুক্তাৰ আলী নামৰ লোক দুজনক হাত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল । উক্ত ঘটনাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাচতে ছাত্ৰ সংগঠন এবিএমছু , এবছু আৰু বনছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ৰজত মণ্ডলসহ ঘটনাৰে জড়িত দোষীসকলক গ্ৰেপ্তাৰ কৰাৰ বাবে জিলা আৰক্ষী প্ৰশাসনক দাবী জনায় ৷

ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰ ১৪৩/ ৩৪১/ ৩৪২/ ৩৮৬ /৩২৫/৩০৭ মৰ্মে এক গোচৰ (নং২৭০/২০২৩) ৰুজু কৰা হয় । অৱশেষত কোকৰাঝাৰ আৰক্ষীয়ে দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে যুৱকদ্বয়ক জেৰা ৰাখিছে ।

ইপিনে, উক্ত ঘটনাৰ পিচতে এবিএমছু নেতা জাইদুল ইছলামে উক্ত ঘটনাৰ মূল অভিযুক্ত তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ গাড়ীচালক বুলি পৰিচিত ৰজত মণ্ডলক অতি শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাইছে । এবিএমছু নেতা জাইদুল ইছলামে দুই অভিযুক্তক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত ধন্যবাদ জ্ঞাপন কৰে আৰু সকলোকে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ।

আনহাতে,মাগুৰমাৰীৰ বৰ্বৰ মৰেল পুলিচিঙৰ ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে ৷ লগতে ঘটনাৰ মূল অভিযুক্ত ৰজত মণ্ডলক অতি শীঘ্ৰে আটক কৰি আইনগতভাৱে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ৷ ৰ

জত মণ্ডলৰ লগতে ঘটনাৰে জড়িত তথা বৰ্তমান পলাতক হৈ থকা আন আন দোষী সকল যতে নাথাকক কিয় তেওঁলোক যাতে কোনোপধ্যেই সাৰি নাযায় তাৰ বাবে আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় এবছুৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক: Polygamy in Assam: বহুবিবাহ ৰোধৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়ে মুখ্যমন্ত্রীক দিলে প্ৰতিবেদন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.