ETV Bharat / state

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবী; এবছুৰ পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা - ABSU protest against Bodoland University VC

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবীত পুনৰাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা এবছুৰ ৷ ৰূপসী বিমানবন্দৰত বিমান পৰিসেৱা নিয়মীয়া কৰিবলৈ এবছুৰ দাবী ৷

এবছুৰ পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণৰ দাবী
author img

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:34 PM IST

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে এবছুৰ আন্দোলনৰ কাৰ্যসূচী

কোকৰাঝাৰ, ২৮ নৱেম্বৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ লাইশ্ৰাম লাডু সিঙৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু ৷ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙৰ অপসাৰণৰ দাবীত এবছুৱে পুনৰাই এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ।

মঙলবাৰে এবছুৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে কয় যে নাকৰ (NAAC) পৰিদৰ্শনৰ পিছত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰা হ'ব বুলি ৰাজ্যপালে প্ৰতিশ্ৰুতি দিছিল । কিন্তু ৰাজ্যপালে নিজে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে । সেয়েহে এবছুৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য কৰে দ্বীপেন বড়োৱে । তেওঁ কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণ নকৰালৈকে এবছু ক্ষান্ত নহয় ।

উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণৰ দাবীত মঙলবাৰে ঘোষিত আন্দোলনৰ কাৰ্যসূচী অনুসৰি অহা ৪ ডিচেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ত ছঘণ্টীয়া সত্যাগ্ৰহ কাৰ্যসূচী, ৫ ডিচেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ত তলাবন্ধ, ৬ ডিচেম্বৰত বিটিআৰৰ আটাইকেইখন জিলা সদৰত সমদল আৰু পুত্তলিকা দাহ কাৰ্যসূচী, ৭ আৰু ৮ ডিচেম্বৰত অসহযোগ কাৰ্যসূচী, ৯ ডিচেম্বৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ত মানৱ শৃংখল কাৰ্যসূচী আৰু অহা ১৫ ডিচেম্বৰত ৰাজভৱন চলো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি এবছুৱে সদৰী কৰে ।

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰণ কৰিবলৈ ১৬ ডিচেম্বৰৰ সময়সীমা বান্ধি দিয়া আছিল যদিও সেয়া কাৰ্যকাৰী নকৰাত এবছুৱে আন্দোলন কৰিবলৈ বাধ্য হৈছে বুলিও মন্তব্য কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে । ইপিনে কোকৰাঝাৰৰ ৰূপসী বিমানবন্দৰত বিগত ২১ দিনে বিমান পৰিসেৱা বন্ধ হৈ থকা বিষয়তো এবছুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ফ্লাই বিগে বিগত ২১ দিনে সেৱা বন্ধ ৰখাত যাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰি শীঘ্ৰে বিমান চলাচলৰ দাবী উত্থাপন কৰিছে এবছুৰ সভাপতিগৰাকীয়ে ।

ফ্লাই বিগে চলাব নোৱাৰিলে চৰকাৰে বিকল্প ব্যৱস্থা লওক বুলি মন্তব্য কৰি বিমান পৰিসেৱা পুনৰ আৰম্ভ কৰাৰ দাবীত ভাৰত চৰকাৰক স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হ'ব বুলি মন্তব্য কৰি এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৰূপসী বিমানবন্দৰ সুৰক্ষাজনিত দিশৰ পৰাও গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰিছে । আনহাতে, সংবাদমেলত বিটিআৰ চুক্তিৰ অৱশিষ্ট দফাসমূহো শীঘ্ৰে ৰূপায়ণ কৰিবলৈ চৰকাৰৰ প্ৰতি দাবী জনাইছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

লগতে পঢ়ক :মোৰ দিনত কোনো ধৰণৰ স্কেম নাই: ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.