ETV Bharat / state

মূল্যাংকন প্ৰতিবেদনৰ ৫ নং দফা বাতিল কৰিবলৈ আহ্বান এবছুৰ

author img

By

Published : Jul 2, 2021, 10:59 PM IST

হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰতিবেদনৰ ৫ নং দফা বাতিল অথবা পুনৰ বিবেচনা কৰিবলৈ আহ্বান এবছুৰ ৷ শুকুৰবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত আয়োজিত এক সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে এই আহ্বান জনায় ৷

ABSU press meet  At Kokrajhar
পৰীক্ষাৰ ফলাফল প্ৰতিবেদনৰ ৫ নং দফা বাতিল কৰিবলৈ আহ্বান এবছুৰ

কোকৰাঝাৰ, ২ জুলাই : হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল প্ৰতিবেদনৰ ৫ নং দফা বাতিল বা পুনৰ বিবেচনা কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে আহ্বান জনাইছে ৷ শুকুৰবাৰে কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত আয়োজিত এক সংবাদমেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক এই আহ্বান জনাই কয় যে উচ্চ শিক্ষাৰ বাবে এখন মাৰ্কচিট আৰু চাকৰিৰ বাবে আন এখন মাৰ্কচিট পদ্ধতি কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ।

ফলাফল প্ৰতিবেদনৰ ৫ নং দফাই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অন্ধকাৰ ভৱিষ্যত নমাই আনিব বুলি শংকা ব্যক্ত কৰি চৰকাৰৰ এনে সিদ্ধান্তই ছাত্ৰ - ছাত্ৰী আৰু অভিভাৱক সকলোকে বিপাঙত পেলাইছে বুলি মন্তব্য কৰে এবছুৰ সভাপতি গৰাকীয়ে । কিছু সংখ্যক বাদ দি অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অবতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৷ কিন্ত ক'ভিড পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল আৰু দুখনকৈ উচ্চস্তৰীয় কমিটিৰৰ পৰামৰ্শ মৰ্মে চৰকাৰে ফলাফল ঘোষণাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিলে সেয়া ঠিকেই আছিল যদিও এজন ছাত্ৰৰ বাবে দুখন মাৰ্কচিট কাহানিও গ্ৰহণযোগ্য নহয় ।

ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনলৈ অন্ধকাৰ কঢ়িয়াই নানিবলৈ আহ্বান জনাই দ্বীপেন বড়োৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল প্ৰতিবেদনৰ ৫ নং দফা পুনৰ বিবেচনা কৰিবলৈ শিক্ষা বিভাগ আৰু চৰকাৰ প্ৰতি আহ্বান জনাইছে । ছাত্ৰ - ছাত্ৰীক দোমজাত পেলোৱাৰ পৰিবৰ্তে ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাই এটা পৰীক্ষাৰ মাৰ্কচিট এখনেই হ'ব লাগে বুলি এবছুৰ সভাপতি গৰাকীয়ে দাবী উত্থাপন কৰিছে ।

ৰাজ্য চৰকাৰৰ অধীনস্থ চাকৰি বা শিক্ষকৰ বাবে আৱেদন কৰাৰ পিছত সেয়া যদি নাকচ হয় তেনেহ'লে সেই মাৰ্কচিট ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে গ্ৰহণ কৰিব বুলি প্ৰশ্ন উত্থাপন কৰি ফলাফল ঘোষণা প্ৰতিবেদনৰ ৫ নং দফা পুনৰ বিবেচনা কৰিবলৈ শিক্ষা বিভাগৰ প্ৰতি আহ্বান জনাই এবছুৰ সভাপতি গৰাকীয়ে । ইপিনে বড়ো ভাষা ৰাজ্যিক সহযোগী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পিছতো অসম জুডিচিয়েল চাৰ্ভিচত বড়ো ভাষাক এলাগি কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰি এইক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰক অনাগত সময়ছোৱাত উচিত সিদ্ধান্ত লবলৈ দাবী উত্থাপন কৰিছে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

লগতে পঢ়ক-ছয়মাহৰ ভিতৰত মুকলি হ'ব নলবাৰীৰ তাৰকা গৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.