ETV Bharat / state

লাইকা-দধিয়াৰ জনজাতি সমস্যা অতি শীঘ্ৰে সমাধানৰ দাবী এবছুৰ

author img

By

Published : Jan 16, 2021, 4:45 PM IST

লাইকা-দধিয়া অঞ্চলৰ প্ৰায় ১,৪৮০ টা পৰিয়ালে পুনৰ সংস্থাপন আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃতাৰ্থত ৰাষ্ট্ৰীয় উদ্যানৰূপে গঢ়ি তোলাৰ দাবীত বিগত প্ৰায় এমাহৰ পৰা ধাৰাবাহিকভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷

absu president on laika dudhia
লাইকা-দধিয়াৰ জনজাতিৰ সমস্যা অতি শীঘ্ৰে স্থায়ী সমাধানৰ দাবী এবছুৰ

কোকৰাঝাৰ,১৬ জানুৱাৰী : তিনিচুকীয়া জিলাৰ লাইকা-দধিয়াৰ জনজাতি ৰাইজে নিজৰ ভূমি আৰু সংস্থাপনৰ বাবে অব্যাহত ৰখা গণতান্ত্ৰিক প্ৰতিবাদী সংগ্ৰামৰ প্ৰতি লক্ষ্য ৰাখি লাইকা-দধিয়াবাসীৰ সমস্যা অতি শীঘ্ৰে স্থায়ীভাৱে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুয়ে ৷ এবছুৰ সভাপতি দীপেন বড়োৱে শনিবাৰে কোকৰাঝাৰত সংবাদ মাধ্যমৰ আগত কয় যে, প্ৰচণ্ড শীতৰ মাজতো নিজৰ অধিকাৰ, ন্যায্য প্ৰাপ্যৰ বাবে সংগ্ৰাম অব্যাহত ৰখা লাইকা-দধিয়াৰ ভূমিপুত্ৰ জনজাতি ৰাইজে বহু কষ্ট আৰু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

প্ৰায় এমাহ ধৰি চলি থকা সংগ্ৰামৰ বাবে ইতিমধ্যে প্ৰতিবাদকাৰীয়ে অকাল মৃত্যুকো আকোৱালি ল‘বলগীয়া হৈছে ৷ তদুপৰি শীতৰ প্ৰকোপৰ বাবে শিশু আৰু বয়স্ক বিশেষকৈ বৃদ্ধসকলে নানা ধৰণৰ সমস্যাৰো সন্মুখীন হ’বলগীয়া হৈছে ৷ এবছুৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লাইকা-দধিয়াবাসীৰ সমস্যা অতি শীঘ্ৰেই স্থায়ী ৰূপত সমাধান কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক : কাছাৰৰ উত্তৰ কৃষ্ণপুৰত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.