কোকৰাঝাৰ, 8 জুন: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বড়ো মাধ্যমৰ শীৰ্ষ দহ কৃতীমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাব এবছুৱে (ABSU going to felicitated top ten rank holders of Bodo medium in HSSLC) । উল্লেখ্য যে প্ৰতিবছৰে বড়ো মাধ্যমৰ শীৰ্ষ দহ কৃতীমানক এবছুৱে কমল কুমাৰ ব্ৰহ্ম বঁটা আগবঢ়াই আহিছে আৰু এইবেলিও অহা 14 জুনত চিৰাং জিলাত এই কাৰ্যসূচী সম্পন্ন হব । এই বিষয়ে সদৰী কৰিছে এবছুৱে ।
বুধবাৰে বিয়লি কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কাৰ্যালয় বডোফা হাউচত অনুষ্ঠিত এক সংবাদমেলত এবছুৰ সহকাৰী সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই এই কথা প্ৰকাশ কৰি কয় যে বড়ো মাধ্যমৰ ফলাফল তুলনামূলভাৱে ভাল হৈ আহিছে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ বড়ো মাধ্যমৰ পৰা 17,303 গৰাকী পৰীক্ষাৰ্থী অবতীৰ্ণ হৈছিল আৰু 10,442 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ উত্তীৰ্ণৰ হাৰ 60.35 শতাংশ । ইয়াৰে ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা 10 গৰাকী কৃতি শিক্ষাৰ্থীক 14 জুনত চিৰাং জিলাৰ বিজনীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কমল কুমাৰ ব্ৰহ্ম বঁটা প্ৰদান কৰা হব ।
উল্লেখ্য যে কমল কুমাৰ ব্ৰহ্ম বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তথা বড়ো মাধ্যমৰ পৰা শীৰ্ষ দহটা স্থান লাভ কৰা কৃতীমান সকল হ'ল ক্ৰমে প্ৰথম স্থানত দীপক বড়ো (97 শতাংশ ), মনদ্বীপ বড়ো (97 শতাংশ ) ,দ্বিতীয় স্থানত বৈশুংগিৰি বসুমতাৰী, (95.83 শতাংশ), তৃতীয় স্থানত দীপদ্যুতি বসুমতাৰী (94.83 শতাংশ), চতুৰ্থ স্থানত ৰংজালী খেৰকাটাৰী(94.50 শতাংশ) আৰু অঞ্জু বসুমতাৰী (94.50 শতাংশ), পঞ্চম স্থানত জিঞ্জেৰী বড়ো (94.33 শতাংশ), ষষ্ঠ স্থানত জয়ছ বসুমতাৰী (94.16 শতাংশ), সপ্তম স্থানত যুগামী বসুমতাৰী (93.83 শতাংশ), অষ্টম স্থানত উপমা বড়ো (93.50 শতাংশ), নৱম স্থানত মৌচুমী স্বৰ্গীয়াৰী (93.33 শতাংশ) আৰু দশম স্থানত কিৰাট বড়ো আৰু ৰোহিত স্বৰ্গীয়াৰী(93.17 শতাংশ)। আজিৰ সংবাদমেলত এবছুৰ সহকাৰী শিক্ষা সম্পাদক ৰোমিঅ' কুমাৰ বসুমতাৰী আৰু সহকাৰী সাধাৰণ সম্পাদক মণিৰাম বৰগয়াৰীও উপস্থিত আছিল ।
লগতে পঢ়ক: ন্যায্য প্ৰাপ্তিৰ দাবীত বৰপেটাত আক্ৰাছুৰ গৰ্জন
Conclusion: