ETV Bharat / state

বিটিআৰ চুক্তিৰ 6.3 দফা অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী এবছুৰ - নিখিল বড়ো ছাত্ৰ সন্থা

দেশজুৰি নতুন শিক্ষানীতি 2020 প্ৰণয়ন কৰা হৈছে ৷ যাৰ ফলত দেশৰ শিক্ষা ব্যৱস্থা প্ৰৱল পৰিৱৰ্তনৰ দিশে আগবাঢ়িব ৷ কিন্তু এই শিক্ষানীতি বিটিআৰত কাৰ্যকৰী হোৱাৰ বাবে বিটিআৰ চুক্তিৰ অইন দফাসমূহৰ পূৰ্বে 6.3 নং দফা ৰূপায়ণ কৰাটো অতি প্ৰয়োজনীয় বুলি জনায় এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৷

ABSU demand to impliment 6.3 clause of BTR accord
বিটিআৰ চুক্তিৰ 6.3 দফা অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী এবছুৰ
author img

By

Published : Sep 15, 2020, 9:45 PM IST

কোকৰাঝাৰ, 15 ছেপ্তেম্বৰঃ বিটিআৰ চুক্তিৰ 6.3 দফা অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ ৷ কৰ’ণা মহামাৰীৰ বাবে বিটিআৰ চুক্তি ৰূপায়ণৰ কাম-কাজ লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তেই এবছুৱেও চুক্তিৰ ৬.৩ দফা কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে ৷

বিটিআৰ চুক্তিৰ 6.3 দফা অতিশীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবী এবছুৰ

সাংবাদিকৰ আগত মত বিনিময় কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়োই কয়, বিটিআৰ চুক্তিৰ ৬.৩ দফা অনুসৰি বিটিআৰ অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ প্ৰাদেশিকীকৰণ কৰা ৷ এই সন্দৰ্ভত ইতিমধ্যে বিগত 30 আগষ্টত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে উচ্চস্তৰীয় বিষয়াৰ উপস্থিতিত নিখিল বড়ো ছাত্ৰ সন্থাই আলোচনাত মিলিত হৈছিল ৷ আৰু এই সভাতেই এখন কমিটি গঠন কৰি বিটিআৰ অঞ্চলৰ অপ্ৰেদশিকীকৃত শিক্ষানুষ্ঠানসমূহ বিটিআৰ চুক্তিৰ আধাৰত প্ৰদেশীকৰণৰ ব্যৱস্থা হাতত লৈছিল ৷

ইয়াৰ মাজতেই দেশজুৰি নতুন শিক্ষানীতি 2020 প্ৰণয়ন কৰা হৈছে ৷ যাৰ ফলত দেশৰ শিক্ষা ব্যৱস্থা প্ৰৱল পৰিৱৰ্তনৰ দিশে আগবাঢ়িব ৷ কিন্তু এই শিক্ষানীতি বিটিআৰত কাৰ্যকৰী হোৱাৰ বাবে বিটিআৰ চুক্তিৰ অইন দফাসমূহৰ পূৰ্বে 6.3 নং দফা ৰূপায়ণ কৰাটো অতি প্ৰয়োজনীয় বুলি জনায় এবছুৰ সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক-মাস্ক নিপিন্ধা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে ধুবুৰী আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.