ETV Bharat / state

লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ কিশোৰ সূত্ৰধাৰক সম্বৰ্ধনা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কিশোৰ সূত্ৰধাৰক আছুৰ সম্বৰ্ধনা ৷ আছুৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ৰ নেৰ্তৃত্বত আছুৰ এটি সঁজাতি দলে কোকৰাঝাৰত কিশোৰ সূত্ৰধাৰক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অসমৰ শিক্ষাৰ্থীয়ে ইউ পি এচ চিত সফলতা লাভ নকৰা কাৰণ সমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত নিজৰ ভাৱ ব্যক্ত কৰিলে কিশোৰ সূত্ৰধাৰে ৷

অসমৰ শিক্ষাৰ্থীয়ে ইউ পি এচ চিত সফলতা লাভ নকৰে কিয় ?

author img

By

Published : Oct 25, 2020, 10:18 PM IST

কোকৰাঝাৰ, ২৫ অক্টোবৰ : কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত 784 তম স্থান লাভ কৰা কিশোৰ সূত্ৰধাৰক আছুৰ সম্বৰ্ধনা ৷ অসমীয়া মাধ্যমত অধ্যয়ন কৰি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত আজি আছুয়ে কিশোৰ সূত্ৰধাৰক সম্বৰ্ধনা জ্ঞাপন কৰে । আছুৰ কেন্দ্ৰীয় সহ সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ৰ নেৰ্তৃত্বত আছুৰ এটি সঁজাতি দলে কোকৰাঝাৰত কিশোৰ সূত্ৰধাৰক সম্বৰ্ধনা জ্ঞাপন কৰে ।

সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা কিশোৰ সূত্ৰধাৰে সংবাদ মাধ্যমৰ আগত কয় যে, আজিলৈকে অসমৰ পৰা যিমান ছাত্ৰ ছাত্ৰী ইউ পি এচ চি ত উত্তীৰ্ণ হৈছে, সেইয়া তেওঁলোকৰ ব্যাক্তিগত প্ৰচেষ্টাৰ বাবেহে সম্ভৱ হৈছে । তেওঁ কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা লাভ কৰিবলৈ হ'লে প্ৰথমে নিজৰ মানসিক প্ৰতিবন্ধকতা আঁতৰাব লাগিব ৷ লগতে সমাজ, অভিভাৱক তথা চৰকাৰে এইক্ষেত্ৰত ধনাত্মক ভূমিকা পালন কৰিব লাগিব । ধৈৰ্য আৰু একাগ্ৰতাইহে সফলতা আনে বুলি মন্তব্য কৰি একাণপতীয়াকৈ লাগি থাকিলে সফলতা লাভ কৰিবই বুলি মন্তব্য কৰে কিশোৰ সূত্ৰধাৰে ।
উল্লেখ্য যে, কিশোৰ সূত্ৰধাৰে ২০১৯ বৰ্ষত কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষাত 784 তম স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল । সম্প্ৰতি নাগালেণ্ডৰ খাদ্য নিগমত প্ৰৱন্ধক হিচাপে কৰ্মৰত কিশোৰ সূত্ৰধাৰ স্থান উন্নীতকৰণৰ বাবে পুনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সংযুক্ত পৰীক্ষাত অৱতীৰ্ণ হব বুলি সদৰী কৰিছে ।
লগতে পঢ়ক: সমগ্ৰ বিহাৰেই মোৰ পৰিয়ালঃ নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.