ETV Bharat / state

আছুৰ বিশাল বাইক ৰেলীয়ে কঁপালে বিটিএডি

author img

By

Published : Dec 16, 2019, 7:34 PM IST

বিটিএডিটো অব্যাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ ৷ কোকৰাঝাৰ চহৰত আছুৱে উলিয়ালে বিশাল বাইক ৰেলী ৷

AASU bike rally in Kokrajhar against CAA
আছুৰ বিশাল বাইক ৰেলীয়ে কঁপালে বিটিএডি

কোকৰাঝাৰ,16 ডিচেম্বৰঃ সময়ৰ সোঁতত ম্লান হৈ পৰা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ ঠায়ে ঠায়ে ধৰাবাহিকভাৱে অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বিটিএডিতো চলিছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ ৷ কোকৰাঝাৰ জিলাত এই আইন বাতিলৰ দাবীত আছুৰ বিশাল মটৰ চাইকেল সমদলৰে উত্তাল সমগ্ৰ পৰিৱেশ ৷ আছুৰ প্ৰায় শতাধিক কৰ্মীয়ে ‘নাগৰিক সংশোধনী আইন বাতিল কৰক,এই বিধেয়ক আমি নামানো,জাতিদ্ৰোহী সৰ্বানন্দ সোণোৱাল,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,মুৰ্দাবাদ,বাংলাদেশী গ’বেক’ আদি বিভিন্ন শ্ল’গানেৰে কোকৰাঝাৰ চহৰৰ পৰা উলিয়াই এই প্ৰতিবাদী সমদল ৷

আছুৰ বিশাল বাইক ৰেলীয়ে কঁপালে বিটিএডি

এই প্ৰতিবাদী সমদলত আছুৰ কেন্দ্ৰীয় নেতা নৱজ্যোতি ৰায় উপস্থিত থাকি নাগৰিক সংশোধনী আইন অসমে কোনোপধ্যে মানি নলয় আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক জাতিৰ বদন আখ্যা দিয়ে ৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ অব্যাহত থকাৰ সমান্তৰালকৈ বিটিএডিৰ সদৰ কোকৰাঝাৰতো আছুৰ পৃষ্ঠপোষকত বৌদ্ধিক সমাজ,দল সংগঠন তথা ছাত্ৰ সমাজে ধৰ্ণা,গণ চিঞৰ আৰু বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ৷

আৰু পঢ়কঃ তিনিচুকীয়াৰ ডিগবৈ থানাত উতপ্ত পৰিস্থিতি

Intro:বিটিএডিতো ধাৰাবাহিক অব্যাহত আছে কা’ বিৰোধী প্ৰতিবাদ ৷৷

৷৷ কোকৰাঝাৰ জিলাত কা বাতিলৰ দাৱীত আছুৰ বিশাল মটৰ চাইকেল সমদলৰে উত্তাল ৷৷

৷৷কোকৰাঝাৰ ১৬ ডিচেম্বৰ : নাগৰিক সংশোধনী আইন বাতিলকলৈ ৰাজ্যযুৰি প্ৰান্তে প্ৰান্তে উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়ছোৱাতে বিটিএডিতো যোৱা পাচঁটা দিনে সমান্তৰালকৈ কা’ৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদৰে ৰাজপথত নামি পৰিছে দল সংগঠনসমূহে ৷
Body:উল্লেখ্য যে, বিটিএডিৰ সদৰ কোকৰাঝাৰত আজি কা’ৰ বাতিলৰ দাৱীত আছুৰ কোকৰাঝাৰ জিলা সমিতিয়ে এক বিশাল মটৰ চাইকেলৰে প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ আছুৰ প্ৰায় শতাধিক কৰ্মীসকলে ""নাগৰিক সংশোধনী আইন বাতিল কৰক ,কা আমি নেমানো,জাতিদ্ৰোহী সৰ্বানন্দ সোনোৱাল,হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ,মুৰ্দাবাদ,বাংলাদেশী গ’বেক ই্ত্যাদি  বিভিন্ন শ্লোগান

দি কোকৰাঝাৰ চহৰৰ পৰা উলিওৱা প্ৰতিবাদী সমদলকাৰী সকলে চহৰৰ আৰ এন বি ৰোড আৰু থানা ৰোড ভ্ৰমি নাৰাবাৰীগাও হৈ গেন্দ্ৰাবিল,ভোটগাও,মোকৰাপাৰা,বৰুৱাপাৰা,ফুটকীবাৰী,ফকিৰাগ্ৰাম, শক্তিআশ্ৰমহৈ চন্দ্ৰপাৰাহৈ চহৰৰ বালাজান তিনালীত সমাপ্ত কৰে ৷ আছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক ছবিন শৰ্মাই নেতৃত্ব দিয়া প্ৰতিবাদী সমদলত কা’ৰ বিৰুদ্ধে ৰাইজক গাঞে ভূঞে সজাগ আৰু সৰ্তক কৰাৰ বাৱে এনেধৰনৰ সমদলৰ কাৰ্যসূচী ৰূপায়ন কৰা জনাই ৷তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমত বলপূৱৰ্ক কা’ জাপি দিয়াকলৈও তীব্ৰ বিৰোধ কৰি কা আমি কেতিয়াও নেমানো আৰু অসমবাসীও গ্ৰহণ নকৰে বুলি ষ্পষ্ট কৰি দিয়ে ৷ তেঁও অসমৰ ৰাইজকলৈ আমাৰ অহিংস আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে ৷আজিৰ প্ৰতিবাদী সমদলত আছুৰ কেন্দ্ৰীয় নেতা নৱজ্যোতি ৰায় উপস্থিত থাকি নাগৰিক সংশোধনী আইন চমুকৈ কা অসমে কোনোপধ্যে মানি নলয় আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক জাতিৰ বদন আখ্যা দিয়ে ৷
Conclusion:প্ৰনিধানযোগ্য যে,কা’ৰ বিৰুদ্ধে ৰজ্যজুৰি প্ৰতিবাদৰ ঢৌ অব্যাহত থকাৰ সমান্তৰালে বিটিএডিৰ সদৰ কোকৰাঝাৰতো আছুৰ পৃষ্ঠপোষকত বৌদ্ধিক সমাজ,দল সংগঠন ,ছাত্ৰ সমাজে কা’ৰ বিৰুদ্ধে ধৰ্ণা,গণ চিঞৰ আৰু বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.