ETV Bharat / state

ABMSU central session : লাফিকুল হত্যাকাণ্ডৰ অপৰাধীক কৰায়ত্ত নকৰাত ক্ষোভ এবিএমছুৰ

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 8:54 PM IST

ছালাকাটিত আজিৰে পৰা আৰম্ভ এবিএমছুৰ অষ্টম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন ৷ এবিএমছুৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ লাফিকুল ইছলাম হত্যাকাণ্ডৰ ছয় বছৰ উকলি যোৱাৰ পিছতো অপৰাধীক কৰায়ত্ত নকৰাত ক্ষোভ প্ৰকাশ এবিএমছুৰ ৷ লাফিকুলৰ হত্যাকাৰী গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত এবিএমছুৰ আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ ৷

ABMSU central session
সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সন্থা

কোকৰাঝাৰ, ২ ছেপ্টেম্বৰ: সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ অষ্টম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশনখন শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ ঈদগাহ পথাৰত আৰম্ভ হৈছে । পতাকা উত্তোলনেৰে অধিবেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এবিএমছুৰ উপ সভাপতি আলী আজম শ্বেখে । ইয়াৰ পিছতে শ্বহীদ তৰ্পন, খেল-ধেমালি প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয় । ইয়াৰ পিছতে শ্বহীদ লাফিকুল ইছলাম হত্যাকাণ্ডৰ ন্যায় আৰু সম্প্ৰদায়ৰ বহনক্ষম উন্নয়ন সন্দৰ্ভত এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ।

উল্লেখ্য যে, এবিএমছুৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এইবেলি সভাপতি আৰু সাধাৰণ সম্পাদক পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব । সভাপতি পদৰ বাবে পাঁচজন ক্ৰমে আশ্ৰাফুল ইছলাম শ্বেখ, মইনুদ্দিন আলী, মহিদুল ইছলাম, ছুলেমান আলী শ্বেখ আৰু টাইছন হুছেইনে প্ৰতিদ্বন্দিতা আগবঢ়াইছে । আনহাতে, সাধাৰণ সম্পাদক পদত ছয়জন ক্ৰমে আব্দুল হাকিম, আবু জুবায়েৰ মণ্ডল, জাইদুল ইছলাম, জিয়াৰুল হ'ক, মেহদী হাছান মণ্ডল আৰু ছলেবৰ আলীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

এবিএমছুৰ দহখন জিলা সমিতিৰ পৰা ২৫ জনকৈ প্ৰতিনিধিয়ে অৰ্থাৎ সৰ্বমুঠ ২৫০ গৰাকী প্ৰতিনিধিয়ে এবিএমছুৰ পচন্দৰ সভাপতি আৰু সাধাৰণ সম্পাদক নিৰ্বাচিত কৰিব । ইপিনে, ভোটিং আৰম্ভ হোৱাৰ পূৰ্বে এবিএমছুৰ সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলীয়ে এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক অদ্যপি কৰায়ত্ত নকৰাত ক্ষোভ প্ৰকাশ কৰিছে । লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ ছয় বছৰ উকলি যোৱাৰ পিচতো অপৰাধীক কৰায়ত্ত নকৰাত ক্ষোভ প্ৰকাশ কৰি মইনুদ্দিন আলীয়ে কয় যে এবিএমছুৰ প্ৰাক্তন সভাপতি লাফিকুল ইছলামৰ হত্যাৰ আঁৰত ৰাজনীতি জড়িত আছে আৰু হত্যাকাৰীয়ে ৰাজনৈতিক সুৰক্ষা লাভ কৰি আছে । দিনদুপৰতে গুলিয়াই হত্যা কৰা লাফিকুল হত্যাকাৰীৰ নাম ঠিকনা চিবিআইয়ে প্ৰকাশ কৰাৰ পিচতো হত্যাকাৰী অদ্যপি গ্ৰেপ্তাৰ নহ'ল বুলি আক্ষেপ প্ৰকাশ কৰি মইনুদ্দিন আলীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা, প্ৰমোদ বড়োই ক্ষমতাত আহিলে দুমাহৰ ভিতৰত হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ।

উল্লেখ্য যে কাইলৈ অৰ্থাৎ ৩ ছেপ্টেম্বৰত এবিএমছুৰ অষ্টম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন উপলক্ষে মুকলি সভা অনুষ্ঠিত হ'ব যত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিটিচিৰ প্ৰাক্তন শিক্ষা সঞ্চালক খবিৰ আহমেদ, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰ-চাপৰি পৰিষদৰ সভাপতি ড৹ হাফিজ আহমেদ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন, আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাসদা, বিটিচিৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰী আদুকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে অংশগ্ৰহণ কৰিব ।

Bajali Corruption Case: বজালীৰ ধনদাবী কাণ্ডৰ ৫ অভিযুক্ত আৰক্ষীক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.