কোকৰাঝাৰ, 29 অক্টোবৰ : যোৱা ২৬ অক্টোবৰৰ নিশা কোকৰাঝাৰ জিলাত সংঘটিত হৈছিল ধৰ্ষণৰ ঘটনা ৷ এগৰাকী কণমানিক বলপূৰ্বকভাৱে 5 জনকৈ লোকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত কোকৰাঝাৰ আৰক্ষী থানাত POSCO আইনৰ অধীনত এখন এজাহাৰ দাখিল কৰা হৈছিল ৷ সেই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই 5 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
বৃহস্পতিবাৰে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনাৰ লগত জড়িত 5 জনকৈ লোকক ৷ গ্ৰেপ্তাৰ হোৱা লোক কেইজন নাম ক্ৰমে ছাকাল হাসদা (23), কৃষ্ণ মুৰ্মূ (২৫), বাবুৰাম মুৰ্মূ (১৯), লক্ষণ মুৰ্মূ (২৬) আৰু সুফল মুৰ্মূ (৩০) বুলি জানিব পৰা গৈছে ৷ আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে তেওঁলোকৰৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷