ETV Bharat / state

Annual Conference of Bodo Sahitya Sabha : অধিৱেশনত ৪০ খনতকৈও অধিক গ্ৰন্থ উন্মোচন - Representative Meeting of Bodo Sahitya Sabha

কোকৰাঝাৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন (Bodo Sahitya Sabha Annual Conference)। 'সৌৰমাংগা সেৰফাং' নামৰ স্মৃতি গ্ৰন্থ উন্মোচন । বিভিন্নজনক সম্বৰ্ধনা বড়ো সাহিত্য সভাৰ ।

Annual Conference of Bodo Sahitya Sabha
বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন
author img

By

Published : Feb 25, 2023, 9:29 PM IST

কোকৰাঝাৰ, ২৫ ফেব্ৰুৱাৰী : কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ৰাণী খালাইশ্ৰী পথাৰত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন (Annual Conference of Bodo Sahitya Sabha)। এই অধিৱেশনৰ লগত সংগতি ৰাখি শনিবাৰে ৪০ খনতকৈ অধিক গ্ৰন্থ উন্মোচন কৰা হয় । গ্ৰন্থ উন্মোচনী সভাত অধিৱেশনৰ সৈতে সংগতি ৰাখি অভ্যৰ্থনা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা 'সৌৰমাংগা সেৰফাং' নামৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰা হয় (Bodo Sahitya Sabha Souvenir released)৷ স্মৃতি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ।

আনহাতে দেওবাৰে পোন প্ৰথমবাৰৰ বাবে গুৰুদেৱ কালিচৰণ ব্ৰহ্মৰ ওপৰত সংস্কৃত ভাষাত লিখা গ্ৰন্থ উন্মোচন কৰা হ'ব বুলিও সদৰী কৰিছে বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক প্ৰশান্ত বড়োৱে । গ্ৰন্থ উন্মোচনী সভাত সাহিত্যিক দিগন্ত বিশ্ব শৰ্মা উপস্থিত থাকি কয় যে অসমীয়া, বড়ো, বাংলা, গুজৰাটী আদিকে ধৰি আধুনিক আঞ্চলিক ভাৰতীয় ভাষাৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে । ইংৰাজী ভাষাই এই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু বস্তুবাদী জগতত নব্য অভিজাততন্ত্ৰৰ ফলস্বৰূপে ইংৰাজী ভাষাৰ প্ৰতি আকৰ্ষণ হৈছে ।

নব্য অভিজাততন্ত্ৰই মাতৃভাষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । মাতৃভাষাৰ গুৰুত্ব আমি সঠিক ৰূপত বুজাব পৰা নাই বুলিও মন্তব্য কৰি দিগন্ত বিশ্ব শৰ্মাই মাতৃভাষাৰ হকে ভাৰতবৰ্ষৰ ভাষিক গোষ্ঠীয়ে যৌথ প্ৰয়াস কৰা উচিত বুলি কয় । আনহাতে দিগন্ত বিশ্ব শৰ্মাই কিতাপ প্ৰকাশ কৰাৰ পৰা আৰম্ভ কৰি সভা অনুষ্ঠিত কৰালৈকে সকলোতে বড়ো জাতিৰ আকাশৰ দৰে বিশালতা, মাটিৰ গোন্ধ আৰু হৃদয়ৰ পৰশ দেখা পাইছে বুলিও মন্তব্য কৰি বড়ো জাতি সমৃদ্ধিতম জাতিলৈ ৰূপান্তৰিত হ'ব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক বেদব্ৰত মিশ্ৰ উপস্থিত থকাৰ লগতে ইংলেণ্ডৰ প্ৰবাসী ভাৰতীয় ড৹ প্ৰবীৰ বড়ো, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলিন বৰদলৈ, এবছুৰ সভাপতি দ্বীপেন বড়ো, বিপিএফ নেতা খাম্পা বৰগয়াৰীসহ দেশ-বিদেশৰ কেইবাগৰাকীও কবি, সাহিত্যিক, লেখক আদিয়ে অংশগ্ৰহণ কৰে ৷

Annual Conference of Bodo Sahitya Sabha
অধিৱেশনত ৪০ খনতকৈও অধিক গ্ৰন্থ উন্মোচন

ইফালে গ্ৰন্থ উন্মোচনী সভাৰ পাছতে বড়ো সাহিত্য সভাই প্ৰতি বছৰে দি অহা ৰাংসাৰ সাহিত্য বঁটা-২০২২ সাৰদা প্ৰদাস মুছাহাৰীলৈ, সোমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা-২০২২ শান্তি বসুমতাৰীলৈ, ছানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা-২০২২ বাঁহীবাদক লাহাৰাম খাখলাৰীলৈ, হাব্ৰঘাট বঁটা-২০২২ অনিল ব্ৰহ্মলৈ সৗৰবাং সুবুং বিহুৰাম বঁটা ২০২১-২২ সুৰেন্দ্ৰ নাথ দৈমাৰীলৈ , ড৹ প্ৰফুল্ল দত্ত গোস্বামী সোঁৱৰণি বঁটা-২০২২ ধীৰেশ্বৰ বড়ো নাৰ্জীলৈ প্ৰদান কৰা হয় ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত বড়ো মাতৃভাষা বিষয়ত সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত বঁটা ২০২২ অনামিকা বড়োলৈ, হাংমাশ্ৰী ব্ৰহ্ম ছাত্ৰ প্ৰেৰণাদায়ক বঁটা ২০২২ ক্ৰমে মৌচুমী স্বৰ্গীয়াৰী, দীপামনি বড়ো আৰু প্ৰান্তুক বড়োলৈ আৰু গুণেশ্বৰী বড়ো সোঁৱৰণী মেধা বঁটা সঞ্জনা বড়োক প্ৰদান কৰে বড়ো সাহিত্য সভাই ।

ইয়াৰোপৰি ২০২২ বৰ্ষৰ সৃষ্টিমূলক সাহিত্য অকাডেমী বঁটা প্ৰাপক ৰশ্মি চৌধুৰী, ২০২১ বৰ্ষৰ অনুবাদ ক্ষেত্ৰত সাহিত্য অকাডেমী বঁটা প্ৰাপক ড৹ ইন্দিৰা বড়ো, ২০২২ বৰ্ষৰ অনুবাদ জগতত সাহিত্য অকাডেমী বঁটা প্ৰাপক ৰাজা ডেভিদ বসুমতাৰী, ২০২২ বৰ্ষৰ যুৱ সাহিত্য বঁটা প্ৰাপক চিৰাং জিলাৰ অলংবাৰ মুছাহাৰী আৰু ২০২২ বৰ্ষৰ শিশু সাহিত্যত সাহিত্য অকাডেমী বঁটা প্ৰাপক বাক্সা জিলাৰ ডিম্বেশ্বৰ ৰামছিয়াৰীক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনায় বড়ো সাহিত্য সভাই । ইয়াৰ পাছতে বড়ো সাহিত্য সভাৰ দ্বিতীয়খন প্ৰতিনিধি সভা আৰম্ভ হয় (Representative Meeting of Bodo Sahitya Sabha)৷

লগতে পঢ়ক :MV Ganga Vilas in Bishwanath: বিশ্বনাথ ঘাটত কঁকাল ভাঙি নাচিলে বিদেশী পৰ্যটকে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.