কোকৰাঝাৰ, 20 ফেব্ৰুৱাৰী : গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত নৰ্থ ইষ্ট ভিজনৰ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা "সংস্কৃতি সংগম " 2020-21 বৰ্ষৰ নৃত্য-গীত প্ৰতিযোগিতাত সুনাম বুটলিবলৈ সক্ষম হোৱা কোকৰাঝাৰ জিলাৰ 33 গৰাকী প্ৰতিভাৱান কণ কণ শিল্পীক শনিবাৰে কোকৰাঝাৰ নৃত্য কলা একাডেমিয়ে সম্বৰ্ধনা জনায় ৷ কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ থানাপাৰাস্থিত কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত শিল্পীকেইগৰাকীক একোখনকৈ ফুলাম গামোছা, মানপত্ৰ আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷
![33 children were felicitated at Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-33childrenwerefelicitated-photo-10044_20022021194748_2002f_1613830668_169.jpg)
কোকৰাঝাৰ নৃত্য কলা একাডেমীৰ অধ্যক্ষ প্ৰলয় দত্তই আত ধৰা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ বিজ্ঞাই মহাবিদ্যালয়ৰ অধ্যাপিকা স্মিতা দেৱ, এবছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমানৰ ইউপিপিএলৰ শীৰ্ষ নেতা লৰেন্স ইছলাৰী, নিখিল বংগ সাহিত্য সন্মিলন আৰু সদৌ অসম বেংগলী ফেডাৰেছনৰ কেইবাগৰাকীও নেতাই ৷ সম্বৰ্ধনা অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে সম্বৰ্ধনা লাভ কৰা কণ কণ শিল্পীৰ অভিভাৱকসকল উপস্থিত থাকে ৷ উল্লেখ্য যে, আজি সম্বৰ্ধনা লাভ কৰা 33 গৰাকী শিল্পীয়ে কোকৰাঝাৰ নৃত্য কলা একাডেমিৰ শিক্ষাৰ্থী ৷
![33 children were felicitated at Kokrajhar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-02-kjr-33childrenwerefelicitated-photo-10044_20022021194748_2002f_1613830668_245.jpg)
লগতে পঢ়ক : তেজপুৰস্থিত ভাৰতীয় বায়ুসেনা চাউনীত আটক 9 জন সন্দেহজনক নাগৰিক