ETV Bharat / state

ওৱান মেন পলিটিকছৰে চৰকাৰ চলাইছে হাগ্ৰামাইঃ আফজাল হক সৰকাৰ

author img

By

Published : Mar 9, 2020, 8:47 PM IST

বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিপিএফত খহনীয়া ৷ বিপিএফৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদ অৰ্থাৎ আৰএমচিৰ সভাপতি আফজাল হক সৰকাৰসহ 17 জন সদস্য যোগদান কৰে ইউপিপিএল দলত ৷

কোকৰাঝাৰ
ওৱান মেন পলিটিকছৰে চৰকাৰ চলাইছে হাগ্ৰামাইঃ আফজাল হক সৰকাৰ

কোকৰাঝাৰ, 9 মাৰ্চঃ বিটিচি পৰিষদৰ নিৰ্বাচন চমু চাপি অহাৰ সময়তে খহনীয়া বৃদ্ধি পাইছে হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিপিএফ দলত । এইবাৰ বিপিএফক সংগ এৰিলে বিপিএফৰ ভাতৃ সংগঠন ধৰ্মীয় সংখ্যালঘু পৰিষদ অৰ্থাৎ আৰএমচিয়ে । আৰএমচিৰ সভাপতি আফজাল হক সৰকাৰে সোমবাৰে সংগঠনটোৰ 17 জন কৰ্মীকলৈ যোগদান কৰে ইউপিপিএলত । কোকৰাঝাৰ চহৰত থকা ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত আনুষ্ঠানিকভাবে যোগদান কৰে সদস্যসকলে । যোগদান কৰিয়ে বিটিচি প্ৰধান অৰ্থাৎ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰে একালৰ বিপিএফ দলৰ ভাতৃ সংগঠনৰ সদস্যসকলে ।

আফজাল হক সৰকাৰে কয় যে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ওৱান মেন পলিটিকছৰে চৰকাৰ চলাই আহিছে । যাৰ ফলত বিগত পোন্ধৰ বছৰীয়া শাসন কালত বিয়াগোম দুৰ্নীতি ভ্ৰষ্টাচাৰ চলি আহিছে । এইবাবে নিজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আৰু হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ পাহাৰ গঢ়াৰ বাবে সোমবাৰে ইউপিপিএল দলত যোগদান কৰা বুলি সদৰী কৰিছে আফজাল হক সৰকাৰে ।

ইপিনে যোগদান সভাত উপস্থিত হৈ বিটিআৰক নস্যাৎ কৰি বিশেষ অভিৱৰ্তন পতা প্ৰাক্তন সাংসদ ছানচুমা শুংগুৰ বৌছুমুঠিয়াৰীৰ কৰ্মক দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে । প্ৰাক্তন সাংসদ ছানচুমা শুংগুৰ বৌছুমুঠিয়াৰীয়ে এজন বিফল বড়োৰ নেতা বুলি উল্লেখ কৰে প্ৰমোদ বড়োৱে ।

আৰু পঢ়কঃ দৌল মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত উপস্থিত তৰুণ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.