কোকৰাঝাৰ, ১৭ জানুৱাৰী: এগৰাকী ১০০ বছৰীয়া আইতা। কোকৰাঝাৰ চহৰৰ ৬ নং ৱাৰ্ডৰ নিবাসী এই আইতাগৰাকীৰ নাম সুৰোবালা ৰায়। কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ ঐতিহ্যমণ্ডিত ৰাসমেলা পথাৰত ব্যতিক্ৰমী ভাৱে উদযাপন কৰা হয় সুৰোবালা ৰায়ৰ জন্মদিন ৷
কোকৰাঝাৰৰ অগনণন শুভকাংশী আৰু পৰিয়ালৰ আত্মীয়-স্বজনৰ উপস্থিতিত শনিবাৰে সন্ধিয়া এশ বছৰ গৰকা সুৰোবালা ৰায়ৰ জন্মদিনটিত কেক কাটি উদযাপন কৰা হয় বিশেষ দিনটো ৷ সুৰোবালা ৰায়ৰ পুত্ৰ সুকুমাৰ ৰায়ে তেওঁৰ মাতৃৰ এশ বছৰ পূৰ্ণ কৰাৰ বাবে সমূহীয়া আয়োজনৰে জন্মদিন উদযাপন কৰি মাতৃৰ সু-স্বাস্থ্য কামনাৰে নামঘৰত সন্ধিয়া নাম-কীৰ্তন কৰে ।
ধুবুৰী জিলাৰ বালাজানত জন্ম গ্ৰহণ কৰা সুৰোবালা ৰায় বৰ্তমান কোকৰাঝাৰ চহৰৰ ৬ নং ৱাৰ্ডৰ নিবাসী । সুৰোবালা ৰায়ৰ পৰিয়াল বুলিবলৈ এগৰাকী পুত্ৰ সন্তানৰ উপৰি ছয় গৰাকী কন্যা সন্তান আৰু নাতি-নাতিনী ১৬ গৰাকী ৷ পুত্ৰ সুকুমাৰ ৰায়ে মাতৃ সুৰোবালা ৰায়ৰ জন্মদিন পালন কৰি যথেষ্ঠ গৌৰান্বিত বুলি মত প্ৰকাশ কৰি সকলোকে নিজৰ বৃদ্ধ পিতৃ-মাতৃক শ্ৰদ্ধা কৰিবলৈ আহ্বান জনায় ৷