কৰিমগঞ্জ, 2 ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ বোৱাৰী হত্যা ৷ স্বামী আৰু দ্বিতীয়া পত্নীয়ে একত্ৰিত হৈ হত্যা কৰিলে প্ৰথমা পত্নীক ৷ সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত বড়গুল এলেকাত ৷
ঘটনাৰ বিৱৰণী অনুসৰি, সাত বছৰ আগতে নিলামবজাৰ আৰক্ষী থানাৰ অধীনৰ বড়গুলৰ আব্দুল মতিনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল হাছিনা বেগম । কিন্ত প্ৰায় এক বছৰ পূৰ্বে মতিনে আন এগৰাকী মহিলাক বিয়া কৰায় ৷
কিন্তু বিয়াৰ পাচৰে পৰা দ্বিতীয়া পত্নীৰ সৈতে লগলাগি যৌতুক বিচাৰি আব্দুল মতিনে প্ৰথমা পত্নী হাছিনাৰ ওপৰত চলাইছিল শাৰীৰিক-মানসিক অত্যাচাৰ ৷ অৱশেষত অত্যাচাৰে চৰমসীমা অতিক্ৰম কৰাত ডিঙি চাপি হাছিনা বেগমক হত্যা কৰি ঘৰৰ পৰা পলায়ন কৰে দুয়ো অভিযুক্তই ৷
পিছত মৃত মহিলাগৰাকীৰ পিতৃৰ গোচৰৰ ভিত্তিত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে গোপন স্থানৰ পৰা ঘাতক স্বামী আব্দুল মতিনক আটক কৰিবলৈ সক্ষম হৈছে যদিও পলাতক অৱস্থাত আছে দ্বিতীয়া পত্নী দলিওৱা বেগম । ইফালে সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ লগতে হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে হাছিনা বেগমৰ পিতৃগৃহই ৷
লগতে পঢ়ক : জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক