ETV Bharat / state

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত পানীৰ অভাৱত হাহাকাৰ

author img

By

Published : Jun 3, 2021, 10:23 PM IST

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত দুদিন ধৰি ব্যাহত পানী যোগান । পানীৰ অভাৱত হাস্পতালত থকা ৰোগীৰ মাজত হাহাকাৰ । উক্ত বিষয়টোক লৈ সৰৱ হৈ পৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ।

water problem in karimganj civil hospital
কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত পানীৰ অভাৱত হাহাকাৰ

কৰিমগঞ্জ, 3 জুন : কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত বিগত দুদিন ধৰি ব্যাহত হৈ আছে পানীৰ যোগান । পানীৰ অভাৱত হাস্পতালখনত থকা ৰোগীৰ মাজত সৃষ্টি হয় হাহাকাৰময় পৰিস্থিতিৰ । উক্ত বিষয়টোক লৈ এতিয়া সৰৱ হৈ পৰিছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ।

কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এতিয়া খোৱাপানীতো দূৰৰে কথা, শৌচালয়ত ব্যৱহাৰ কৰিবলৈও অভাৱ হৈছে পানীৰ ৷ তদুপৰি অস্ত্ৰোপচাৰ কক্ষতো পানীৰ অভাৱ হোৱাৰ লগতে ৰোগীৰ অস্ত্ৰোপচাৰৰ বাবে ৰোগীৰ আত্মীয়ই বাহিৰৰ পৰা বাল্টিৰে পানী আনিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ 30 ঘণ্টাৰ পাৰ হৈ যোৱাৰ পাছতে হাস্পতাল কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

হাস্পতালখনৰ উক্ত সমস্যাৰ বিষয়ে অৱগত হৈ বুধবাৰে হাস্পতালখনত উপস্থিত হয় কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ ৷ বিধায়কগৰাকীয়ে চিকিৎসালয়খনত উপস্থিত হৈ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হয় ৷ লগতে তেওঁ অতি সোনকালে এই সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনায় চিকিৎসালয় কৰ্তৃপক্ষক ৷

লগতে পঢ়ক: উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.