ETV Bharat / state

কৰিমগঞ্জ জিলা বিজেপিৰ লক ডাউন অমান্য

author img

By

Published : May 21, 2020, 11:59 AM IST

কৰিমগঞ্জত জিলা বিজেপি আৰু প্ৰশাসনে লক ডাউনৰ সকলো নীতি নিৰ্দেশনা জলান জ্বলি দি আয়োজন কৰিলে শপত গ্ৰহণৰ অনুষ্ঠান ,তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক কমলাক্ষ দে পৰকায়স্থৰ ৷

Violation of Social Distancing by Karimganj district administration
বিজেপিৰ লক ডাউন অমান্য

কৰিমগঞ্জ,21মেঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ সামাজিক দূৰত্ব আৰু ৰাজহুৱা সভা মেল সম্পূৰ্ণৰূপে বাতিল কৰিছে চৰকাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ওপৰত বহুবাৰ দেশবাসীক আহ্বান জনাই আহিছে ৷ কিন্তু কৰিমগঞ্জত দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী দৃশ্য ৷ চৰকাৰ আৰু প্ৰধানমন্ত্ৰীৰ আহ্বানক এক প্ৰকাৰ কেৰেপ নকৰি চৰকাৰী নীতি নিয়ম উলংঘা কৰি কৰিমগঞ্জ জিলা বিজেপি আৰু জিলা প্ৰশাসনে মিলি পাতিলে চৰকাৰী আৰু দলীয় সভা ৷

বিজেপিৰ লক ডাউন অমান্য

বুধবাৰে কৰিমগঞ্জ নগৰ উন্নয়ন প্ৰাধিকৰণৰ দায়িত্বভাৰ গ্ৰহণ কৰে বিজেপি নেতা দেৱব্ৰত সাহাই । সাহাৰ এই দায়িত্বভাৰ লোৱাৰ বাবে চৰকাৰী ভাৱে শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় । এই সভাখনত উপস্থিত আছিল জিলা উপায়ুক্তৰ লগতে সাংসদ কৃপানাথ মাল্লা, অসম উদ্যোগিক নিগমৰ অধ্যক্ষ মিশন ৰঞ্জন দাস, জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য, ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ, বিজেপি নেতা বিশ্বৰূপ ভট্টাচাৰ্যকে ধৰি বহু সংখ্যক দলীয় কৰ্মী ।

কিন্তু এনে চৰকাৰী সভাত স্বাস্থ্য বিধিৰ লগতে সামাজিক দূৰত্ব উলংঘা কৰি দায়িত্বভাৰ গ্ৰহণ কৰা হয় । ঠিক একেদৰে বিজেপিৰ জিলা সভাপতিৰ কাৰ্যালয়ত একগোট হৈ জাতীয় সংগীত আৰু বন্তি প্ৰজ্বলন কৰি সভাৰ আৰম্ভণি কৰা হয় । পৰিতাপৰ বিষয় হ'ল যে, যি সময়ত চৰকাৰে কোনো ধৰণৰ সভা সমিতি, চৰকাৰী অনুষ্ঠান, উৎসৱ পাৰ্বনকে ধৰি একাধিক লোক একেলগে একগোট নহ'বলৈ নিৰ্দেশ দি আহিছে সেই সময়ত কিন্তু কৰিমগঞ্জ জিলাৰ বিজেপি আৰু জিলা প্ৰশাসনে কেনেদৰে সভা পাতিলে ইয়াক লৈ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰক সমালোচনা কৰে ৷

লগতে পঢ়কঃ অসমত নতুনকৈ মুকলি হ‘ব ৬ খনকৈ টোলগেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.