ETV Bharat / state

কৰিমগঞ্জত উদ্ধাৰ কৰ্ণাটকৰ নিৰুদ্দিষ্ট মহিলা

সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ তৎপৰতাত কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ মহিশাষন ৰে'ল ষ্টেচনত উদ্ধাৰ কৰ্ণাটকৰ এগৰাকী নিৰুদ্দিষ্ট মহিলা ৷

author img

By

Published : Mar 16, 2020, 3:41 AM IST

কৰ্ণাটকৰ নিৰুদ্দিষ্ট মহিলা
কৰ্ণাটকৰ নিৰুদ্দিষ্ট মহিলা

কৰিমগঞ্জ, 15 মাৰ্চঃ কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ মহিশাষন ৰে'ল ষ্টেচনত উদ্ধাৰ কৰ্ণাটকৰ এগৰাকী নিৰুদ্দিষ্ট মহিলা ৷ সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ তৎপৰতাত উদ্ধাৰ হয় মহিলাগৰাকী ৷ নিজ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছিল কৰ্ণাটকৰ প্ৰত্যন্ত গাঁৱৰ বিশেষভাৱে সক্ষম মহিলাগৰাকী ৷ বিগত এবছৰে দেশৰ ভিন্ন প্ৰান্তত অসহায়ভাৱে ফুৰিছিল মহিলাগৰাকী ৷

কৰিমগঞ্জত উদ্ধাৰ কৰ্ণাটকৰ নিৰুদ্দিষ্ট মহিলা

২০ দিন পূৰ্বে কৰিমগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ মহিশাষন ৰে'ল ষ্টেচনত আহি উপস্থিত হৈ ষ্টেচন চৌহদতে কোনোমতে থাকিবলৈ লৈছিল তেওঁ ৷ স্থানীয় ৰাইজে মহিলাগৰাকীক খাদ্যৰ যোগান ধৰিছিল যদিও কানাড়া ভাষাৰ অবিহনে কোনো ভাষা নজনা মহিলাগৰাকীৰ পৰিচয় তথা ঠিকনা জানিব পৰা নাছিল ৷ 12 মাৰ্চত কৰিমগঞ্জত নিয়োজিত সীমা সুৰক্ষা বাহিনীৰ 7 নং বেটেলিয়ানৰ চোৰাংচোৱা শাখাৰ জোৱানে সীমান্ত এলেকাৰ পৰা উদ্ধাৰ কৰে মহিলাগৰাকীক ৷ পৰৱৰ্তী সময়ত কৰ্ণাটকৰ এগৰাকী জোৱানে মহিলা গৰাকীক সৈতে কথা পাতি তেওঁৰ নাম আৰু ঠিকনা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ৪০ বছৰ উৰ্ধৰ বি. কালাম্মা নামৰ মহিলা গৰাকীক এটি মহিলাশ্ৰমত অস্থায়ীভাৱে ৰাখি কৰ্ণাটক আৰক্ষীৰ সৈতে যোগাযোগ কৰি শনিবাৰে কৰ্ণাটকৰ পৰা অহা মহিলাগৰাকীৰ পৰিয়ালৰ লোকক গতাই দিয়ে ৷

লগতে পঢ়কঃ কৰিমগঞ্জত আটক দুজন নাইজেৰিয়ান নাগৰিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.