ETV Bharat / state

ব্যৰ্থ কৰিমগঞ্জ আৰক্ষীঃ আন্দোলনৰ হুংকাৰ ৰাইজৰ

কৰিমগঞ্জত স্থানীয় ৰাইজৰ সভা অনুষ্ঠিত ৷ আৰক্ষীৰ বিৰুদ্ধে সভা অনুষ্ঠিত কৰে ৰাইজে ৷ অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে সভা পাতি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৰাইজে ৷

author img

By

Published : Nov 2, 2020, 10:29 PM IST

Unsuccessful Karimganj Police: Rise to hold a meeting and shout agitation
ব্যৰ্থ কৰিমগঞ্জ আৰক্ষীঃ ৰাইজে সভা অনুষ্ঠিত কৰি আন্দোলন কৰাৰ হুংকাৰ

কৰিমগঞ্জ, 2 নৱেম্বৰ : কৰিমগঞ্জত আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সোমবাৰে স্থানীয় ৰাইজে এখন সভা অনুষ্ঠিত কৰে ৷ সভাত ৰাইজে আৰক্ষীয়ে দীৰ্ঘসময় ধৰি অপৰাধীক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷

উল্লেখ্য যে, 12 অক্টোবৰৰ নিশা এৰালীগুল এলেকাৰ চৰকাৰী কৰ্মচাৰী ৰজত গোস্বামীৰ ঘৰত তিনিজনীয়া যুৱকৰ দল এটাই চিবিআইৰ পৰিচয় দি ঘৰত প্ৰৱেশ কৰি নগদ ধন আৰু সোণৰ অলংকাৰ লুটি নিয়াৰ লগতে পিষ্টল দেখুৱাই ৰজত গোস্বামীক অপহৰণৰ চেষ্টা চলাইছিল ৷ ইফালে, স্থানীয় লোকৰ তৎপৰতাত তিনিজনৰ মাজৰ এজন যুৱকক আটক কৰা হৈছিল যদিও আন দুজন পলাই যাবলৈ সক্ষম হৈছিল । কিন্তু ভুৱা চিবিআইৰ দলটোৰ মূল মাষ্টাৰ মাইণ্ডক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে গাঁওবাসীয়ে সভা পাতি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷ শীঘ্ৰে আৰক্ষীয়ে মূল অভিযুক্তক গ্ৰেপ্তাৰ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰতৰ আন্দোলন চলাই নিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কমলনাথ প্ৰসংগ : অটল থাকিব নিৰ্বাচন আয়োগৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.