ETV Bharat / state

কৰিমগঞ্জৰ আৱৰ্ত ভৱনত খাদ্য যোগানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি - KARIMGANJ GUEST HOUSE

প্ৰকল্পৰ দায়িত্বত থকা বিষয়াৰ প্ৰতি শ্ৰমিকৰ অভিযোগ

কৰিমগঞ্জৰ আৱৰ্ত ভৱনত খাদ্য যোগানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
author img

By

Published : Feb 15, 2019, 1:38 PM IST

কৰিমগঞ্জ, ১৫ ফেব্ৰুৱাৰীঃ শ্ৰমিকৰ খাদ্য যোগানক কেন্দ্ৰ কৰি কৰিমগঞ্জৰ আৱৰ্ত ভৱনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত "চাহ-বাগিচা ধন পুৰষ্কাৰ প্ৰকল্প,২০১৯" ত অংশগ্ৰহণ কৰিবলৈ শ্ৰমিকসকলক প্ৰেৰণ কৰাৰ উদ্দেশ্য়ে ১৫৭ জন চাহ শ্ৰমিকক কৰিমগঞ্জ আৱৰ্ত ভৱনত একগোট কৰাইছিল কৰিমগঞ্জ জিলা প্ৰশাসনে। শ

কৰিমগঞ্জৰ আৱৰ্ত ভৱনত খাদ্য যোগানক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি
্ৰমিক সকলৰ থকা-খোৱাৰ দায়িত্বত আছিল জিলা প্ৰশাসন। কিন্তু পুৱা ৬ বজাতে ঘৰৰ পৰা ওলাই অহা শ্ৰমিক সকলক দিনৰ ২.৩০ বজা পৰ্যন্ত খাদ্য় যোগান ধৰা নাছিল প্ৰশাসনে। ২.৩০ মান বজাৰ পিছতহে উক্ত শ্ৰমিক কেইজনক নিম্ন মানৰ আৰু কম পৰিমানৰ খাদ্য যোগান ধৰে। ইয়াকে লৈ শ্ৰমিক সকলৰ মাজত সৃষ্টি হয় তীব্ৰ অসন্তুষ্টিৰ।
undefined

ক্ষুদ্ধ শ্ৰমিক সকলে মুখ্যমন্ত্ৰী উপস্থিত থাকিব লগীয়া অনুষ্ঠানটোত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈ ঘৰলৈ উভতি যাব বিছাৰে। পৰিস্থিতি বিষম দেখি উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ শ্ৰমিক সকলক বুজাই আৰু উন্নতমানৰ খাদ্যৰ যোগান ধৰিহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

উল্লেখ্য যে এই প্ৰকল্পৰ দায়িত্বত নোডেল অফিছাৰ হিছাপে নিযুক্ত হৈ আছিল ধ্ৰু বজ্যেতি দেৱ। তেওঁৰ গাফিলতিৰ বাবেই এনে ধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হবলগীয়া হ'ল বুলি অভিযোগ উত্থাপিত হৈছে।

SLUG:- UN-SUFFICIENT FOOD SUPPLY BY ADMINISTRATION,KARIMGANJ

        কেন্দ্ৰীয় বাবে আয়োজিত চা-বাগিচা ধন পুৰষ্কাৰ প্ৰকল্পত অংশ গ্ৰহন কৰিবলৈ কৰিমগঞ্জ জিলাৰ চা-বাগিচা সমূহৰ পৰা ১৫৭ জন চা-শ্ৰমিকক কৰিমগঞ্জ জিলা প্ৰশাসনৰ পৰা নিৰ্বাচিত কৰি গৌহাটা সৰুজাই স্টেডিয়ামত মূখ্যমন্ত্ৰীৰ অনুষ্ঠানত পঠিয়াবৰ বাবে বৃহস্পতি বাৰে এওঁলোকক কৰিমগঞ্জৰ আৰ্বত ভবনত আনি পৰ্যাপ্ত পৰিমানৰ আহাৰ ও  খোয়াৰ উপযোগী খাদ্য যোগান ধৰিব নোবাৰাত শ্ৰমিক সকলৰ মাজত তীব্ৰ অসন্তষ্ঠী দেখা দিয়ে । পোবা ছয় বজাত ঘৰৰ পৰা উলাই অহা শ্ৰমিক সকলক দিনৰ আড়াই  বজাত নিম্ন মানৰ খাদ্য যোগান ধৰাত আৰ্বত ভবনত উত্তপ্ত পৰিস্হিতিৰ সৃষ্ঠি হয় । ক্ষুদ্ধ শ্ৰমিক সকলে মূখ্যমন্ত্ৰীৰ সভালৈ নোযোবাৰ সিদ্ধান্তলৈ ঘৰলৈ যাবলৈ উলায় । পৰিস্হিতি বিষম দেখি খবৰ পাই ততাতৈয়াকৈ জিলা উপায়ক্ত উপস্হিতহৈ পৰিস্হিতি নিয়ন্ত্ৰন কৰি শ্ৰমিক সকলক বুজাই বড়াই পৰ্যাপ্ত খাদ্য যোগানদি মূখ্যমন্ত্ৰী সভালৈ পঠিয়াই । উল্ল্যেখ্য যে, এই প্ৰক্ল্পৰ দায়িত্বত নোডেল অফিসাৰ অতিৰিক্ত উপায়ক্ত ধ্ৰুবজ্যেতি দেব আছিলে। তেওৰ গাফিলতিত শ্ৰমিকক এনে খাদ্য যোগান ধৰা হয় বুলি অভিযোগ উত্তাপন হয় ।ইয়াৰ পিছত ক্ষুদ্ধ শ্ৰমিক সকলে জিলা উপায়ক্তৰ আশ্বাসত নিশা মূখ্যমন্ত্ৰীৰ সভালৈ ৰওয়ানা দিয়ে । 
বিপিএন চক্ৰৱৰ্তী,কৰিমগঞ্জ,১৫-০২-১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.