ETV Bharat / state

কৰিমগঞ্জত দুই বাহনৰ মুখামুখি সংঘৰ্ষত আহত এক

author img

By

Published : Oct 19, 2020, 7:52 AM IST

কৰিমগঞ্জত পথ দুর্ঘটনা ৷ বাইক আৰু ৱেগনাৰৰ মুখামুখি সংঘৰ্ষৰ আহত এজন ৷ আহত ব্যক্তিজন কামৰাণ আহমেদ ৷

কৰিমগঞ্জত পথ দুর্ঘটনা
কৰিমগঞ্জত দুই বাহনৰ মুখামুখি সংঘৰ্ষত আহত এক

কৰিমগঞ্জ, 19 অক্টোবৰ : কৰিমগঞ্জত সংঘটিত হৈছে এক পথ দুর্ঘটনা ৷ বাইক আৰু ৱেগনাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হৈছে এজন ব্যক্তি ৷ আহত ব্যক্তিজনৰ নাম কামৰাণ আহমেদ ৷

ঘটনাৰ বিৱৰণী অনুসৰি,ৰবিবাৰ নিশা প্ৰায় 9 বজাত কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত সেটেলমেণ্টৰ কামৰাণ আহমেদ বাইকেৰে গৈ আছিল ৷ তেনে সময়তে বদৰপুৰৰ পৰা কৰিমগঞ্জমুখী দ্রুতবেগী ৱেগনাৰ গাড়ীৰ সৈতে কামৰাণ আহমেদৰ মুখামুখি সংঘর্ষ হয় । ফলত গুৰুতৰভাৱে আহত হয় কামৰাণ ৷

স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত কামৰাণক কৰিমগঞ্জৰ চৰকাৰী হাস্পতালত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী পৰ্যায়ত শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ আনফালে ঘটনাস্থলীত কৰিমগঞ্জ আৰক্ষী উপস্থিত হৈ বাইক আৰু ৱেগনাৰ বাহনখন জব্দ কৰে ৷

লগতে পঢ়ক : মিজোৰাম সীমান্তৰ পৰিস্থিতি প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰণালয়ক জনালে সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.