কৰিমগঞ্জ, 23 নৱেম্বৰ : অসম-ত্ৰিপুৰা সীমান্তত পুনৰ আটক হৈছে দুই সন্দেহযুক্ত বাংলাদেশী নাগৰিক(Suspected Bangladeshi Citizen) ৷ কৰিমগঞ্জৰ চুড়াইবাড়ী আৰক্ষীৰ অভিযানত আটক হয় দুই সন্দেহযুক্ত বাংলাদেশী যুৱক-যুৱতী ৷ জানিব পৰা মতে, যুৱক-যুৱতীদ্বয়ে প্ৰথমে গুৱাহাটী আৰু তাৰ পাচত চেন্নাইলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ৷
আটকাধীন যুৱকজনৰ নাম জনী তালুকদাৰ আৰু যুৱতীগৰাকীৰ নাম শ্বৱনম আখতাৰ ৷ দুয়োৰে ঘৰ বাংলাদেশৰ মুন্সীগঞ্জত ৷ যুৱকজনে আৰক্ষীক দিয়া তথ্য অনুসৰি, যুৱকজন পোন প্ৰথমবাৰৰ বাবে ভাৰতত প্ৰৱেশ কৰিছে ৷ কিন্তু যুৱতীগৰাকী কিছুদিন পূৰ্বেও ভাৰতত প্ৰৱেশ কৰিছিল ।
দুয়োৰে মাজত থকা সম্পৰ্কৰ কথা বৰ্তমানেও স্পষ্ট হোৱা নাই যদিও তেওঁলোকে আৰক্ষীক দিয়া তথ্যত যথেষ্ঠ বিসংগতি দেখা পৰিলক্ষিত হৈছে ৷ আগৰতলাৰ পৰা গুৱাহাটীমুখী শ্বেৰাৱালী ট্ৰেভেলছ(AS-01-LC-8919) বাহনৰ পৰা আৰক্ষীয়ে তালাচী চলাই আটক কৰে এই দুই যুৱক-যুৱতীক ৷
সম্প্ৰতি দুয়োকে জিম্মাত ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ দুয়োৰে পৰা উদ্ধাৰ হৈছে বিভিন্ন বাংলাদেশী সা-সামগ্ৰী ।
লগতে পঢ়ক : কৰিমগঞ্জত বাংলাদেশী দম্পতী আটক