কৰিমগঞ্জ, 18 ডিচেম্বৰ : 1857 চনৰ আজিৰ দিনটোত কৰিমগঞ্জ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৰ লাতুৰ মালেগড়ত বৃটিছ সৈন্যৰ সৈতে মুখামুখি যুদ্ধত লিপ্ত হৈছিল ভাৰতীয় বীৰ সৈন্যসকল ৷ এই যুদ্ধত 26 জনকৈম ভাৰতীয় বীৰ মুক্তি যুঁজাৰো শ্বহীদ হৈছিল ৷ একেখন যুঁজতে ভাৰতীয় মুক্তি যুঁজাৰুৰ হাতত নিহত হৈছিল বৃটিছ সৈন্যৰ মেজৰ বিং সহ তিনিজন ব্ৰিটিছ সৈন্য ৷
সেই যুঁজত শ্বহীদ হোৱা ভাৰতীয় বীৰ যুদ্ধা সকলৰ সোঁৱৰণত 18 ডিচেম্বৰ তাৰিখে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ চলিত বছৰতো ক‘ভিড প্ৰট‘কল মানি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় ৷ শুকুৰবাৰৰ অনুষ্ঠানটো পাটকাই ট্ৰেকাৰ্চৰ উদ্যোগত জিলা প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত আয়োজন কৰা হয় ৷
উক্ত কাৰ্যসূচীত কৰিমগঞ্জৰ জিলা উপায়ুক্ত আম্বামুথান এম.পি.,জিলাখনৰ আৰক্ষী অধীক্ষক মায়ং কুমাৰ ঝা,বি এছ এফৰ ভাৰপ্ৰাপ্ত অধিনায়ক মনিচসহ অন্য বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ সীমান্ত সুৰক্ষা বাহিনীৰ তৰফৰ পৰা শ্বহীদ সকললৈ গাৰ্ড অফ অনাৰ প্ৰদান কৰা হয় ৷
লগতে পঢ়ক: আইপিএছ বিষয়াৰ হস্তান্তৰৰ সন্দৰ্ভত নতুন নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ