ETV Bharat / state

কৰিমগঞ্জত সংঘটিত চুৰিৰ ঘটনা - কৰিমগঞ্জ জিলা

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কৰিমগঞ্জৰ লংগাই ৰোডৰ নিবাসী পদ্মাৱতী দাসৰ ঘৰত চোৰে চলালে লুট ৷ চোৰে লুটি নিয়ে প্ৰায় 15 লক্ষাধিক টকাৰ সামগ্ৰী ৷

চুৰিৰ ঘটনা
চুৰিৰ ঘটনা
author img

By

Published : Sep 23, 2020, 2:01 PM IST

কৰিমগঞ্জ, 23 ছেপ্তেম্বৰ : গৃহস্থ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি কৰিমগঞ্জত চোৰে চলালে লুটপাত ৷ মঙলবাৰে কৰিমগঞ্জৰ লংগাই ৰোডৰ নিবাসী পদ্মাৱতী দাস আৰু তেওঁৰ পুত্ৰ নিকটৱৰ্তী কোনো আত্মীয়ৰ ঘৰলৈ যায় ৷ সেই সুযোগতে গ্ৰীলৰ তলা ভাঙি চোৰে লুটি নিলে নগদ ধনৰ লগতে বহু পৰিমাণৰ মূল্যবান অলংকাৰ ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে আৰক্ষীক খবৰ দিয়ে যদিও, আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালটোৱে ৷

কৰিমগঞ্জত সংঘটিত চুৰিৰ ঘটনা

কিন্তু পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত পৰিয়ালে এআইডিচিৰ অধীক্ষক মিছন ৰঞ্জন দাস, কৰিমগঞ্জ জিলা বিজেপি দলৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য আৰু আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিত কৃষ্ণক অৱগত কৰাৰ পাচতহে আৰক্ষী তদন্ত আৰম্ভ কৰে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: হাইলাকান্দিত পুনৰ চুৰিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.