কৰিমগঞ্জ, 13 জানুৱাৰী: উৰুকাৰ উখল মাখল পৰিৱেশৰ মাজতে কৰিমগঞ্জত ভয়ংকৰ কাণ্ড ৷ কৰিমগঞ্জ জিলাৰ মাজেৰে বৈ যোৱা লংগাই নৈত বিহ ঢালিলে কোনো অজ্ঞাত লোকে ৷ পুৱাৰ ভাগত মৃত মাছ নৈত ভাঁহি উঠা প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ উৰুকাৰ ৰাতিপুৱা নৈত মাছ দেখি হেতা ওপৰা লগাই নৈপৰীয়া লোকসকলে ৷ প্ৰথম অৱস্থাত দক্ষিণ কৰিমগঞ্জৰ ধলছড়া এলেকাত মৃত মাছ দেখিছিল যদিও পাচলৈ নদীখনৰ অধিক অঞ্চলত মৃত মাছ প্ৰত্যক্ষ কৰে আন ঠাইৰ লোকসকলে ৷
![লংগাই নৈত ভাঁহি উঠিল প্ৰকাণ্ড প্ৰকাণ্ড মাছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10036_13012021130202_1301f_1610523122_317.jpg)
উল্লেখ্য যে, পুৱাৰ ভাগত নদীৰ মাছ ধৰি বহুলোকে বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰিছিল ৷ প্ৰকাণ্ড প্ৰকাণ্ড মাছ নদীত ভাঁহি উঠাত উৰুকাৰ বজাৰত বিক্ৰীৰ বাবে উঠি পৰি লগাই লোকসকলে ৷ কিন্তু নদীত কোনো লোকে বিহ ঢলাৰ কথা পোহৰলৈ অহাৰ পাচতে এতিয়া চিন্তিত হৈ পৰিছে লোকসকল ৷ স্থানীয় লোকে ঘটনা সন্দৰ্ভত অনুসন্ধান কৰিছে যদিও কোনে এই কাৰ্য সংঘটিত কৰিলে এতিয়ালৈ জানিব পৰা হোৱা নাই ৷