ETV Bharat / state

অন্ধ্ৰপ্ৰদেশলৈ যোৱা কৰিমগঞ্জৰ ব্যক্তিক হত্যা ! এজন নিৰুদ্দেশ - appeal to CM to brought body home

বহিঃৰাজ্যত কাম বিচাৰি গৈ ৰে'লৰ পৰা সন্ধানহীন দুগৰাকী অসমীয়া (Two people of Assam missing from train) । তাৰে মাজৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'লেও (Suspicious murders in Andhra Pradesh) আনগৰাকী এতিয়াও সন্ধানহীন হৈ আছে ।

Karimganj murder
Karimganj murder
author img

By

Published : Sep 3, 2022, 2:24 PM IST

Updated : Sep 3, 2022, 5:41 PM IST

কৰিমগঞ্জ, ৩ ছেপ্টেম্বৰ : বহিঃৰাজ্যত কাম বিচাৰি গৈ ৰে'লৰ পৰা সন্ধানহীন দুগৰাকী অসমীয়া (Two people of Assam missing from train) । তাৰে মাজৰ এগৰাকীৰ মৃতদেহ উদ্ধাৰ হ'লেও (Suspicious murders in Andhra Pradesh) আনগৰাকী এতিয়াও সন্ধানহীন হৈ আছে । ইফালে সন্দেহজনক হত্যাকাণ্ডৰ বলি হোৱা ব্যক্তিজনক অন্তিম সাক্ষাতৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে দুই অবুজ কন্যা সন্তানে ।

অন্ধ্ৰপ্ৰদেশলৈ যোৱা কৰিমগঞ্জৰ ব্যক্তিক হত্যা ! এজন নিৰুদ্দেশ

ঘটনা অনুসৰি বিগত 19 আগষ্টত কৰিমগঞ্জৰ বাজাৰিচৰা থানা এলেকাৰ ৰাধাপ্যায়াৰী গাঁৱৰ নীলু ৰায় (৪৬) আৰু শৈলেন্দ্ৰ কুমাৰ দাস (৪৮) কাম বিচাৰি গুৱাহাটীৰ পৰা ৰে'লেৰে বাংগালুৰুলৈ ৰাওনা হয় (Karimganj people missing from train) । যাত্ৰাপথত ওড়িশা পৰ্যন্ত তেওঁলোকে পৰিয়ালৰ সৈতে ফোনত বাৰ্তালাপ কৰি আছিল । কিন্তু তাৰ পিছতেই মোবাইল ফোন বন্ধ দেখুৱায় ।

তাৰ পিছত পৰিয়ালৰ লোকে সন্দেহবশত খা-খবৰ ল'বলৈ আৰম্ভ কৰে যদিও তেওঁলোকৰ কোনো সন্ধান লাভ নকৰে (Karimhanj people suspicious murder) । তাৰ মাজতে শুকুৰবাৰে নীলু ৰায়ৰ ঘৰলৈ এটা ফোন কল আহে । ফোনৰ সিটো মূৰৰ পৰা নিজকে শ্ৰীনিবাস ৰাও বুলি পৰিচয় দিয়া এগৰাকী আৰক্ষী বিষয়াই কয় যে অন্ধ্ৰপ্ৰদেশৰ চিলাৰা ৰে'লৱে' ষ্টেচনত নীলু ৰায়ৰ মৃতদেহ উদ্ধাৰ হৈছে । উক্ত ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

ইফালে স্থানীয় লোক আৰু নীলু ৰায়ৰ দুই অবুজ কন্যা সন্তানে অন্তিমবাৰৰ বাবে তেওঁলোকৰ পিতৃৰ মুখ চাবৰ বাবে ব্যাকুল হৈ আছে । সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কগৰাকীৰ ওচৰত তেওঁলোকৰ কাতৰ আহ্বান, যাতে মৃতদেহটো নিজ ঘৰলৈ আনি দিয়াৰ ব্যৱস্থা কৰে (appeal to CM to brought body home) । লগতে শৈলেন্দ্ৰ কুমাৰ দাসক অক্ষত অৱস্থাত উদ্ধাৰৰ বাবেও আবেদন জনায় (appeal to CM rescue missing person) ।

আনহাতে, বাৰম্বাৰ অসমৰ পৰা বহিঃৰাজ্যলৈ যোৱা লোকসকলকক এনেদৰে এটাৰ পিছত আন এটা হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :আলফাত যোগদান সন্দৰ্ভত ৰাজ্যত কেইবা ঠাইতো NIA ৰ অভিযান

Last Updated : Sep 3, 2022, 5:41 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.