কৰিমগঞ্জ, 6 মে': ত্ৰিপুৰাৰ বিশালগড়ত বিশ্ব বৰেণ্য কবি সুকান্ত ভট্টাচাৰ্যৰ প্ৰতিমূৰ্তি ভাঙি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। পথ নিৰ্মাণৰ কাম চলাই থকা NHDCL নামৰ কোম্পানীটোৱে মূৰ্তিতো ভাঙি পথৰ দাঁতিত পেলাই দিয়াৰ সন্দেহ কৰা হৈছে । কোনো অনুমতি নোহোৱাকৈ সুকান্ত ভট্টাচাৰ্যৰ দৰে এগৰাকী বিশ্ব বৰেণ্য কবিৰ প্ৰতিমূৰ্তি ভঙাৰ বাবে সচেতন মহল খৰ্গহস্ত হৈ পৰিছে ৷ কোম্পানীটোৰ এনে কাৰ্য কবি গৰাকীলৈ চৰম অপমান বুলি দাবী কৰিছে সচেতন মহলে ৷
উল্লেখযোগ্য যে,কবি সুকান্ত ভট্টাচাৰ্যৰ প্ৰতিমূৰ্তিটো 2010 চনতে স্থাপন কৰা হৈছিল আৰু এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে সকলোৱে ৷