কৰিমগঞ্জ, 30 মাৰ্চ : কৰিমগঞ্জত ফ্লাইং স্কোৱাডৰ হাতত জব্দ বিপুল পৰিমাণৰ সৌৰ চাকি ৷ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত পাথাৰকান্দি সমষ্টিৰ কটামনি এলেকাৰ পৰা ফ্লাইং স্কোৱাডে জব্দ কৰিলে বিপুল সংখ্যক সৌৰ চাকি । ভোটাৰক বিলাবৰ কাৰণে মজুত কৰি ৰখাৰ সন্দেহত জব্দ কৰা হৈছে সামগ্ৰীখিনি ।
নিৰ্বাচনৰ প্ৰাকক্ষণত ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্যৰে কোনে এই সামগ্ৰীখিনি মজুত কৰি ৰাখিছিল সোই কথা এতিয়াও পোহৰলৈ অহা নাই যদিও এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । আনহাতে এ পি ডি চি এল'ৰ এ জি এম'এ এই সন্দৰ্ভত জনায় যে এই আঁচনি অন গয়িং গতিকে এয়া নিৰ্বাচনী আচৰণবিধি উলংঘন কৰা হোৱা নাই ৷ উল্লেখ্য যে, উদ্ধাৰকৰাসামগ্ৰীখিনিৰতদন্ত অব্যাহত ৰখা হৈছে ৷