কৰিমগঞ্জ, 30 জুন : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr. Himanta Bishwa Sarma) ৰ শাসনত অসমত নিতৌ চলিছে ড্রাগছ বিৰোধী অভিযান । প্ৰায় প্ৰতিটো দিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি টকাৰ ব্ৰাউন চুগাৰ, গাঞ্জা, ড্ৰাগছসহ অভিযুক্তক আটক কৰিছে অসম আৰক্ষীয়ে । আৰক্ষী প্ৰশাসন যিমানেই সক্ৰিয় হৈছে সমান্তৰালকৈ ড্ৰাগছ মাফিয়াই নিত্য নতুন কৌশল অৱলম্বন কৰিবলৈ দেখা গৈছে ।
গাড়ীৰ টায়াৰ, বনেটৰ ভিতৰত গাঞ্জা, কঠালৰ ভিতৰত গাঞ্জা আৰু আন আন কৌশলেৰে গাঞ্জা সৰবৰাহৰ সংবাদে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ৷ শেহতীয়াকৈ এটা পুতলাৰ ভিতৰত 12 কেজি গাঞ্জা(weed) সৰবৰাহৰ খবৰ পোহৰলৈ আহিছে । বুধবাৰে বদৰপুৰ ৰে’ল ষ্টেচনত ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী এখন ৰে’লত ৰে’ল আৰক্ষীৰ এটা দলে নিয়মীয়া তালাচী চলাইছিল ৷
সেই সময়তে এগৰাকী মহিলা আৰু এজন পুৰুষে এটা পুতলা লৈ ৰে’লত বহি আছিল । আৰক্ষীয়ে পুতলাটোৰ হাতত ধৰি টানি চোৱাত পুতলাটোৰ ওজন প্ৰয়োজনতকৈ অধিক বুলি সন্দেহ কৰে ৷ আৰক্ষীৰ সন্দেহ হোৱাত পুতলাটোৰ ভিতৰখন খুলি চাই কেইবা পেকেট গাঞ্জা উদ্ধাৰ কৰে ।
লগে লগে দুই সৰবৰাহকাৰীয়ে পলাবলৈ চেষ্টা কৰে যদিও বিফল হয় । পৰৱৰ্তী সময়ত বদৰপুৰ ৰে’ল আৰক্ষীয়ে সৰবৰাহকাৰী দুজনক আটক কৰি তদন্ত আৰম্ভ কৰে । জব্দ কৰা গাঞ্জাখিনিৰ ওজন প্ৰায় ১২ কেজি ৷ আটকাধীন সৰবৰাহকাৰীদ্বয়ৰ নাম গাজা দেৱী আৰু ধৰ্মেন্দ্ৰ শৰ্মা বুলি ৰে’ল আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷ দুয়োকে সম্প্ৰতি আৰক্ষীয়ে জেৰা চলাই আছে ।
লগতে পঢ়ক : নিবনুৱাৰ নাম পঞ্জীয়নৰ বাবে Online Portal আৰম্ভ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ