ETV Bharat / state

Heroin seized in Karimganj: কৰিমগঞ্জত 76 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

কৰিমগঞ্জত সোমবাৰে নিশা কৰিমগঞ্জ আৰক্ষী আৰু বিএছএফৰ এটা দলে যুটীয়া অভিযান চলাই 76 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰে (Rs 76 crore worth heroine seized)৷

Rs 76 crore worth heroine seized in Karimganj
কৰিমগঞ্জত 76 কোটি টকা মুল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ
author img

By

Published : Oct 11, 2022, 10:35 AM IST

Updated : Oct 11, 2022, 2:07 PM IST

কৰিমগঞ্জ, 11 অক্টোবৰ: ৰাজ্যজুৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ পদক্ষেপ লোৱাৰ পিঠতো গা লৰা নাই একাংশ অপৰাধীৰ (Anti Drugs operation in Assam) ৷ অপৰাধীয়ে অপৰাধ সংঘটিত কৰিবলৈ নতুন কূট কৌশলৰে প্ৰতিদিনেই ৰাজ্যৰ ভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ অব্যাহত ৰাখিছে (Drugs case in Assam) ৷

ইয়াৰ মাজতে কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা (Karimganj police seized heroine) ৷ ৰাজ্যৰ ভিতৰতে সৰ্বৃবৃহৎ নিচাজাতীয় সামগ্ৰী জব্দ কৰিলে কৰিমগঞ্জ আৰক্ষী আৰু বিএছএফৰ এটা যুটীয়া দলে (Karimganj police and BSF anti drugs mission) ৷

ঘটনাৰ বিৱৰণী অনুসৰি কেইদিনৰ মানৰ পৰা বিএছএফৰ চোৰাংচোৱাৰ এটা দলে এখন সন্দেহযুক্ত ট্ৰাকক ট্ৰেক কৰি আছিল ৷ অৱশেষত সোমবাৰে নিশা প্ৰায় 11.30 বজাত কৰিমগঞ্জ আৰক্ষী আৰু বিএছএফৰ এটা দলে যুটীয়াভাৱে অভিযান চলাই সন্দেহযুক্ত ট্ৰাকখনত তালাচী অভিযান চলায় ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ AS 11 BC 7975 ৷ লগতে আৰক্ষীয়ে ট্ৰাকখনৰ চালক মহিব উদ্দিনক আটক কৰি সোধপোছ কৰে (Truck driver detained by Karimganj police) ৷

Heroin seized in Karimganj: কৰিমগঞ্জত 76 কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ

আৰক্ষীৰ জেৰাত মহিবে ট্ৰাকখনৰ ভিতৰত এটা গোপন চেম্বাৰ থকাৰ কথা উল্লেখ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ট্ৰাকখনৰ চালক বহা আসনৰ ওপৰতে থকা এটা গোপন চেম্বাৰৰ পৰা হেৰ’ইন ভৰ্তি 746 টা চাবোনৰ বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Heroine box seized in Karimganj)৷ জব্দকৃত হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় 76 কোটি টকা বুলি জানিব পৰা গৈছে (76 crore worth heroine seized by Karimganj police) ৷

ইফালে ট্ৰাক চালকটোৱে কোৱা অনুসৰি মিজোৰামৰ পৰা ত্ৰিপুৰা অভিমুখে নি থকা হৈছিল এই হেৰ’ইনখিনি ৷ কেৱল এইবাৰেই নহয়, মাহটোত কেইবাবাৰো এনেদৰে ট্ৰাকেৰে নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰা হয় বুলি ট্ৰাক চালকটোৱে আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে ৷

আনহাতে বিএছএফৰ এই পদক্ষেপক সলাগ লয় কৰিমগঞ্জ আৰক্ষীয়ে ৷ সীমান্ত অঞ্চলেৰে একাংশ সৰবৰাহকাৰীয়ে আৰক্ষীৰ চকুত ধূলি ছটিয়াই নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে ৷ তেনেস্থলত বিএছএফৰ এই ট্ৰেকিঙৰ পদক্ষেপে ভৱিষ্যতে আৰক্ষীক সহায় কৰাৰ লগতে অপৰাধ নিয়ন্ত্ৰণতো সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: বন্ধ কোঠাৰ ভিতৰত মোনাত উদ্ধাৰ নৱজাতকৰ অৰ্ধগলিত মৃতদেহ

Last Updated : Oct 11, 2022, 2:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.