কৰিমগঞ্জ, 29 জানুৱাৰী : পথ নিৰ্মাণৰ নামত কৰিমগঞ্জৰ আঠ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুনীতি ৷ বিগত প্ৰায় পোন্ধৰ বছৰ ধৰি অসম ত্ৰিপুৰা সংযোগী আঠ নং ৰাষ্ট্ৰীয় ঘাইপথে জ্বলাকলা খোৱাই আহিছে সাধাৰণ জনসাধাৰণক ৷ বিশেষকৈ বহু দিনৰ পৰাই বৰাক উপত্যকাৰ লগতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা আৰু মিজোৰামৰ সাধাৰণ লোকক সকলে জীয়াতু ভুগি আহিছে ৷ দীৰ্ঘ দিনীয়া প্ৰতিবাদৰ অন্তত এই পথ নিৰ্মাণৰ ঠিকা লাভ কৰিছে বিন্নী কনষ্ট্ৰাকচন নামৰ এটা নিৰ্মাণ সংস্থাই ৷ পথ নিৰ্মানত এই সংস্থাটোৱে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তৰিছে স্থানীয় ৰাইজে ৷
অৱশেষত লোক নিৰ্মাণ বিভাগৰ অধিনত অসম চৰকাৰে 127 কোটি টকা ব্যয় সাপেক্ষে এই পথচোৱাৰ নিৰ্মাণৰ কাম হাতত লৈছে ৷
শুকুৰবাৰে এই পথচোৱা নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিবলৈ আহে বিজেপি নেতৃ শিপৰা গুন ৷ এই পথচোৱা নিৰ্মাণত বিসংগতি হোৱা দেখি ক্ষোভিত হৈ পৰে বিজেপিৰ নেতৃ গৰাকী ৷
উল্লেখ্য য়ে,এই ৰাষ্ট্ৰীয় ঘাইপথ চোৱা সঠিক ভাৱে নিৰ্মাণ কৰিবলৈ বিজেপিৰ শীৰ্ষ মহলৰ ওচৰতো দ্বাৰস্থ হ’ব বুলিও মন্তব্য কৰে বিজেপি নেতৃ শিপৰা গুনে ৷
লগতে পঢ়ক : বাজেট অধিৱেশন দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি: নৰেন্দ্ৰ মোডী