ETV Bharat / state

কৰিমগঞ্জৰ আছিমগঞ্জত পথ অৱৰোধ কাৰ্যসূচী

author img

By

Published : Jul 22, 2020, 4:23 PM IST

Updated : Jul 23, 2020, 8:40 AM IST

পথৰ দুৰাৱস্থাৰ বিৰুদ্ধে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ সংখ্যালঘু ছাত্ৰ সংগঠন আমছাৰ ৷ কানাইবজাৰৰ পৰা পাথাৰকান্দি চহৰ লৈকে দুৰৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত অৱৰোধ কাৰ্যসূচী ৷

Road block at Asimganj in Karimganj
Road block at Asimganj in Karimganj

কৰিমগঞ্জ, 22 জুলাই: কৰিমগঞ্জৰ আছিমগঞ্জত পথ অৱৰোধ কাৰ্যসূচী । অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিলে সংখ্যালঘু ছাত্ৰ সংগঠন আমছাই । কানাইবজাৰৰ পৰা পাথাৰকান্দি চহৰ লৈকে দুৰাৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দাবীত পথ অৱৰোধ ৷ ফলত ঘাইপথৰ উভয় প্ৰান্তত শ-শ বাহন আবদ্ধ হৈ পৰে । দীৰ্ঘবছৰ ধৰি ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশটো যাতায়তৰ বাবে অনুপযুক্ত হৈ আছিল ।

8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ সংখ্যালঘূ ছাত্ৰ সংগঠন আমছাৰ

আনকি প্ৰতিবাৰেই আন্দোলনৰ পিছত পথ নিৰ্মাণৰ বাবে ধন মোকলাই দিয়া হয় বুলিও অভিযোগ উত্থাপন হৈছে ৷ কিন্তু চৰকাৰ পৰিৱৰ্তন হ'লেও পৰিৱৰ্তন নহ’ল ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা । বাৰে বাৰে স্মাৰকপত্ৰ,আনকি আন্দোলনৰ পিছতো কাম আৰম্ভ নোহোৱাৰ বাবে পুনৰ বুধবাৰে ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কাৰ্যসূচী বিভিন্ন ছাত্ৰ সংগঠনৰ ।

উল্লেখ্য যে,বিগত সময়চোৱাতো কেবাবাৰো আন্দোলন কৰিছিল বিভিন্ন দল সংগঠনে ৷ আনকি আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ পথৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছিল ৷ কিন্তু পৰিতাপৰ কথা এই যে প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল ৷ যাৰ বাবে কৰ’ণা ভাইৰাছৰ মহামাৰীৰ মাজতো পুনৰবাৰ আন্দোলনত নামিবলগীয়া হৈছে । বিশেষকৈ আছিমগঞ্জ আৰু পাথাৰকান্দি চহৰত কেবা বছৰ ধৰি খোজকাঢ়িব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইপিনে উক্ত পথছোৱাৰ দুৰৱস্থাৰ বাবে বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈছে । ৰাষ্ট্ৰীয় ঘাইপথটোৰ এই অংশত আনকি বিভিন্ন বাহন আৱদ্ধ হৈ যোৱাৰ ফলতো বিভিন্ন সময়ত ব্য়াপক যান-জঁটৰো সমস্যাইও দেখা দিয়ে ৷ মুঠৰ ওপৰত পথৰ এই দুৰৱস্থাক লৈ একপ্ৰকাৰ অতীষ্ঠ হৈ পৰিছে ৰাইজ ৷

লগতে চাওকঃ পথাৰত কি কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে

Last Updated : Jul 23, 2020, 8:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.