কৰিমগঞ্জ, 14 ফেব্ৰুৱাৰীঃ কৰিমগঞ্জৰ চান্দখিৰাত বুধবাৰে নিশা হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী উদীয়মান যুৱকৰ। মৃত্যু হোৱা যুৱকজনৰ নাম সঞ্জীৱ কুমাৰ সিংহ। দ্ৰুতবেগী এখন ট্ৰাকে নিশা প্ৰায় এঘাৰমান বজাত মহতিয়াই থৈ যায় যুৱকজনক ।
AS-10D-8807 নম্বৰৰ মটৰ চাইকেলৰে নিজৰ কৰ্মস্থানৰ পৰা নিজ ঘৰলৈ গৈ থকা অৱস্থাতে অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চান্দখিৰা এলেকাত ট্ৰাকে খুন্দা মৰাত এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ য’ত থিতাতে মৃত্যু হয় সঞ্জীৱ কুমাৰৰ । যুৱকজন ফ্লিপকাৰ্টৰ সামগ্ৰীৰ ডেলিভাৰিৰ কামত নিয়োজিত আছিল। দুৰ্ঘটনাৰ পিছত পাথাৰকান্দি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।