কৰিমগঞ্জ, 24 মাৰ্চঃ অসম ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰুতৰ ভাৱে আহত হয় তিনি জন লোক।
ক'ৰোনা ভাইৰাছৰ আতঙ্কৰ মাজতেই বদৰপুৰ আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীগৌৰিত ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ উক্ত দুৰ্ঘটনাটোত আহত তিনি জনৰ অবস্থা সংকটজনক । উক্ত ঘটনাটো কৰিমগঞ্জৰ পৰা অহা এখন এল্ট' গাড়ী আৰু শিলচৰৰ পৰা অহা এখন বলেৰো গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতেই পথত ওপৰত বাগৰি পৰে । দুৰ্ঘটনাটোত আহত তিনি জনৰ অবস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ঘনটাস্থলীত স্থানীয় ৰাইজে আহত লোক সকলক স্থানীয় হাস্পতালত ভৰ্তি কৰে । উক্ত ঘটনাটো ৰাইজে বদৰপুৰ আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থীত হৈ গাড়ী দুখন জব্দ কৰি থানালৈ লৈ যায় ।