ETV Bharat / state

চৰকাৰী নিয়ম অনুসাৰে 42 গৰাকী বাংলাদেশীক নিজ দেশলৈ প্ৰত্যাৰ্পন ভাৰত চৰকাৰৰ - বাংলাদেশৰ ছিলেট জিলা

বাংলাদেশলৈ প্ৰেৰণ 42 গৰাকী অবৈধ নাগৰিকক ৷ কৰিমগঞ্জৰ সূতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ প্ৰেৰণ নাগৰিক কেইজনক ৷

Repatriation of 42 Bangladeshi to Indian Government
চৰকাৰী নিয়ম অনুসাৰে 42 গৰাকী বাংলাদেশীক নিজ দেশলৈ প্ৰত্যাৰ্পন ভাৰত চৰকাৰ
author img

By

Published : Nov 2, 2020, 5:41 PM IST

কৰিমগঞ্জ, 2 নৱেম্বৰ : কৰিমগঞ্জৰ সূতাৰকান্দি সীমান্তৰে 42 গৰাকীকৈ বাংলাদেশী নাগৰিকক শাস্তিৰ সময়সীমা উকলি যোৱাৰ পিচত চৰকাৰী নিয়মেৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হয় ৷ কৰিমগঞ্জৰ সূতাৰকান্দি সীমান্তৰে 42 গৰাকীকৈ বাংলাদেশী নাগৰিকক প্ৰত্যাৰ্পন কৰা হয় ।

Repatriation of 42 Bangladeshi to Indian Government
চৰকাৰী নিয়ম অনুসাৰে 42 গৰাকী বাংলাদেশীক নিজ দেশলৈ প্ৰত্যাৰ্পন ভাৰত চৰকাৰ

উল্লেখ্য যে, বাংলাদেশী নাগৰিক কেইজনে সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল । কামৰূপ, শিবসাগৰ, কার্বি আলং, ডিমা হাছাও, গুৱাহাটী, কাছাৰ, কৰিমগঞ্জ, শোণিতপুৰ আদি বিভিন্ন স্থানৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰিছিল লোক কেইজনক । পিচত তেওঁলোকক অসমৰ বিভিন্ন ঠাইৰ কাৰাগাৰত বন্দী কৰি ৰাখিছিল নাগৰিক কেইজনক । নিৰ্ধাৰিত শাস্তিৰ সময়সীমা উকলি যোৱাৰ পিচত সোমবাৰে কৰিমগঞ্জৰ সূতাৰকান্দি সীমান্তৰে তেওঁলোকক বাংলাদেশৰ হাতত হস্তান্তৰ কৰা হয় ।

কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ মন্তব্য

লগতে পঢ়ক : অসমতেই আছে 1 কোটি টকীয়া এটা বিশেষ টি ভি !

প্ৰসংগক্ৰমে উল্লেখনীয় যে, অসমৰ বিভিন্ন স্থানৰ পৰা আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে আটক কৰা বাংলাদেশী সকলক সীমান্ত শাখাৰ আৰক্ষীয়ে নিজ নিজ জিলাৰ কাৰাগাৰ আৰু ডিটেনশ্যন কেম্পৰ পৰা আহি কৰিমগঞ্জত উপস্থিত হোৱাৰ পিচত 42 গৰাকী বাংলাদেশীক সূতাৰকান্দি স্থল কাষ্টম বন্দৰেদি বাংলাদেশৰ ছিলেট জিলাৰ শেওলা কাষ্টম বন্দৰত চমজাই দিয়া হয় ।

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগত অসম আৰক্ষীৰ সীমান্ত শাখাই সোমাবাৰে পুৱা 10 বজাত ছিলেট জিলাৰ বিয়ানীবজাৰৰ শেওলা কাষ্টম বন্দৰত চমজাই দিয়ে নাগৰিক কেইজনক । বাংলাদেশৰ বিভিন্ন জিলাৰ 42 গৰাকী বাংলাদেশী বিভিন্ন সময়ত অবৈধ ভাৱে অসমত প্রৱেশ কৰি আৰক্ষী আৰু বি এছ এফৰ হাতত ধৰা পৰি দীৰ্ঘ বছৰ ধৰি কাৰাবন্দী হৈ আছিল । ইফালে, বিগত তিনি বছৰত কৰিমগঞ্জ সীমান্তৰে প্রায় 200 জন অবৈধ বাংলাদেশীক নিজ দেশলৈ পঠোৱা হৈছে ৷

লগতে পঢ়ক : বেংগালুৰু বিমান বন্দৰত জব্দ বহুলক্ষাধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.