ETV Bharat / state

চৰকাৰৰ সদিচ্ছাৰ অভাৱত ভূত বাংলাত পৰিণত ৰাতাবাৰীৰ চেনী কল - ratabari sugar mill story

ৰাতাবাৰীৰ চেনী কলটো 1977 চনৰ পহিলা জানুৱাৰীত স্থাপন কৰা হৈছিল । চেনী কলটোত ট্ৰাইল পৰ্যায়ত 37 হেজাৰ কুইন্টল চেনী উৎপাদন কৰা হৈছিল । 1985 চনত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে থকা দক্ষিণ কৰিমগঞ্জৰ আব্দুল মুক্তাদিৰ চৌধুৰীয়ে বিধানসভাত চেনীকলটোৱে বছৰত আঢ়ৈ লাখ টকা ক্ষতিৰ সম্মুখীন হৈ আছে বুলি প্ৰতিবেদনত দাখিল কৰাৰ পিছত বন্ধ হৈ যায় চেনী কলটো । মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তয়ো 1991-92 চনত চেনী কলটো কাৰ্যক্ষমৰ চেষ্টা কৰে যদিও বিফল হয় ৷

চৰকাৰৰ সদিচ্ছাৰ অভাৱত ভুত বাংলাত পৰিণত ৰাতাবাৰীৰ চেনী কল

author img

By

Published : Jul 15, 2021, 7:43 PM IST

কৰিমগঞ্জ, 15 জুলাই : কৰিমগঞ্জ জিলাৰ ৰাতাবাৰীৰ চেনী কলটো সম্প্ৰতি পৰিণত হৈছে ভূত বাংলালৈ । চেনী কলটোত বিভিন্ন ধৰণৰ হিংস্ৰ প্ৰাণীৰ লগতে বহু বিষাক্ত সাপৰ বাসস্থানত পৰিণত হৈছে । এই বৃহৎ শিল্প প্ৰতিষ্ঠানটোৰ ভিতৰত আছে কোটি কোটি টকাৰ সা-সৰঞ্জাম । এই সা সৰঞ্জামবোৰ চোৱা চিতাৰ দায়িত্বত থকা সুৰক্ষা কৰ্মচাৰীয়ে ভিতৰত প্ৰৱেশ কৰিবলৈ হ’লে প্ৰয়োজন হয় এডাল লাঠি আৰু দাৰ ৷

উল্লেখ্য যে, ৰাতাবাৰীৰ চেনী কলটো আৰম্ভ হৈছিল 1977 চনৰ পহিলা জানুৱাৰীত । ইয়াত ট্ৰাইল পৰ্যায়ত 37 হেজাৰ কুইন্টল চেনী উৎপাদন কৰা হৈছিল । ইয়াৰ পাছত পৰ্যায়ক্ৰমে 1978-1979 চনত চেনীৰ উৎপাদন আছিল 45 হেজাৰ কুইন্টল, 1980-81 বৰ্ষত উৎপাদন আছিল 97 হেজাৰ কুইন্টল ।

চৰকাৰৰ সদিচ্ছাৰ অভাৱত ভুত বাংলাত পৰিণত ৰাতাবাৰীৰ চেনী কল

সেই সময়ত বিষয়া পৰ্যায়ৰ (Officer Rank) ৰ কৰ্মচাৰী উপৰি নিয়মীয়া কৰ্মচাৰী (Regular Employee) আছিল 184 গৰাকী আৰু অ-নিয়মীয়া কৰ্মচাৰী (Seasonal Employee) আছিল 321 গৰাকী । একাংশ ঠিকাদৰে কলটোত কুঁহিয়াৰ সৰবৰাহৰ নামত চলাইছিল বিয়াগোম দুৰ্নীতি । পিছে সেই সময়ৰ অসম চৰকাৰৰ মন্ত্ৰী হিচাপে থকা দক্ষিণ কৰিমগঞ্জৰ সেই সময়ৰ আব্দুল মুক্তাদিৰ চৌধুৰীয়ে বিধানসভাত চেনীকলটোৱে বছৰত আঢ়ৈ লাখ টকা ক্ষতিৰ সম্মুখীন হৈ আছে বুলি এখন প্ৰতিবেদনত দাখিল কৰে ৷ তাৰ পিছত 1985 চনত চেনী কলটো বন্ধ হৈ যায় ।

1991-92 চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত (EX CM Prafulla Kumar Mahanta)ৰ ব্যৱস্থাপনাত মহাবীৰ জৈন নামৰ এটা ব্যক্তিগত শিল্প প্ৰতিষ্ঠানক 20 বছৰৰ বাবে চেনীকলটো লীজত দিয়া ৷ কিন্তু 1999 চনৰ পিছত মহাবীৰ জৈন নামৰ কোম্পানীটোৱে চেনীকলটো বন্ধ কৰি দিয়ে । ইয়াৰ পিছৰে পৰাই বিভিন্ন সংগঠনে চেনীকল পুনৰুজ্জীৱিত কৰাৰ দাবীত আন্দোলন কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰায় 26 খনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷ কিন্তু প্ৰতিবাৰে শাসনাধিস্থ চৰকাৰে কেৱল প্ৰতিশ্ৰুতিৰ বাহিৰে কোনেও আজিলৈকে একো পদক্ষেপ গ্ৰহণ কৰা দেখা নগ’ল ৷

লগতে পঢ়ক : অসমৰ গো-সংৰক্ষণ বিধেয়কে উত্তৰ-পূৱত আশাহত কৰিব নেকি বিজেপিক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.