ETV Bharat / state

কৰিমগঞ্জত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 15, 2021, 11:00 PM IST

নির্বাচনৰ আগতে দিয়া প্ৰতিশ্ৰুতি মাইক্ৰ'ফাইনেঞ্চ ঋণ মাফ কৰাকে আদি কৰি কেইবাটাও দাবী পূৰণকলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ অতি শীঘ্ৰে কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷

public protest against the price rise at karimganj
কৰিমগঞ্জত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

কৰিমগঞ্জ, 15 জুন : 2021 ৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত অসমৰ সকলো মহিলাক মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া প্ৰতিশ্ৰুতি দিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু ঋণ ৰেহাই প্ৰদানৰ সন্দৰ্ভত চৰকাৰে শেহতীয়াকৈ জাৰি কৰা নিৰ্দেশনাৰ পাছত বিপদত পৰিছে ঋণগ্ৰস্ত অধিকাংশ মহিলা ৷ চৰকাৰী এই নিৰ্দেশনা সলনি কৰাৰ দাবীৰ লগতে মাইক্ৰ'ফাইনেঞ্চ ঋণ পৰিশোধ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ, (MGNREGA) ত শ্ৰমিক সকলক কাম দিয়াকে আদি কৰি বিভিন্ন দাবীত মঙলবাৰে কৰিমগঞ্জৰ ঘোৰামাৰা গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে ৷

বামপন্থী নেতা বিশ্বজিৎ দাসৰ নেতৃত্বত ওলাই অহা প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

সমান্তৰালকৈ, সোমবাৰে তিতাবৰতো তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ মহিলাই ৷ 2021 চনৰ নিৰ্বাচনৰ নিৰ্বাচনী সভাত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিবলৈ দাবী জনাইছে মহিলাসকলে ৷ নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া সন্দৰ্ভত যিহেতু কোনো ধৰণৰ চৰ্ত প্ৰদান কৰা নাছিল, সেয়েহে বৰ্তমানেও কোনো চৰ্ত নৰখাকৈ সকলো ঋণগ্ৰস্ত মহিলাকে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷

তদুপৰি বৰ্তমান দুটাকৈ বছৰ ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ ফলত মহিলাসকলে ঋণ ঘূৰাই দিবলৈ সক্ষম নোহোৱাত সেইসকল মহিলাৰ প্ৰতি মানবীয় দৃষ্টিভংগীৰে ঋণ ৰেহাই দিয়াৰ দাবী জনাইছে মহিলাসকলে ৷ চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে পুনৰ ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ দিছে মহিলাসকলে ৷

লগতে পঢ়ক-পৰীক্ষা বাতিলৰ দাবীত চিৰাঙত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.