ETV Bharat / state

পঞ্চায়ত সদস্যাক আক্ৰমণৰ তীব্ৰ প্ৰতিবাদ

পঞ্চায়ত সদস্যাক আক্ৰমণৰ প্ৰতিবাদত উত্তপ্ত কৰিমগঞ্জৰ নিলাম বজাৰ ৷ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আৰক্ষী থানাৰ লগতে চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও প্ৰতিবাদকাৰী জনতাৰ ৷

author img

By

Published : Oct 31, 2020, 6:46 PM IST

Protest of gp member attack karimganj assam etv bharat news
প্ৰতিবাদ

কৰিমগঞ্জ,31 অক্টোবৰ: পঞ্চায়ত সদস্যাক আক্ৰমণৰ প্রতিবাদত শনিবাৰে উত্তাল হৈ পৰে কৰিমগঞ্জৰ নিলাম বজাৰ অঞ্চল । অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত শতাধিক জনতাই নিলাম বজাৰ আৰক্ষী থানাৰ লগতে ৰাজহ চক্র বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

উল্লেখ্য যে,বিগত 20 অক্টোবৰত দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ ফাৰমপাশা গাঁও পঞ্চায়তৰ 9 নং ৱার্ডৰ সদস্যা দীপা দেৱৰ ওপৰত কায়স্থগ্রামৰ এখন সভাত অনিমেশ ভট্টাচাৰ্যৰ নেতৃত্বাধীন এটি সাত জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ চলায় ৷ এই আক্ৰমণৰ বিৰুদ্ধে স্থানীয় নিলাম বজাৰ আৰক্ষী থানাত ৰুজু কৰা হৈছিল এক গোচৰ ৷ কিন্তু গোচৰ ৰুজু কৰাৰ পিছতো আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰিবলৈ কোনো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাইজৰ উগ্ৰ মূৰ্তি দেখি নিলাম বজাৰ আৰক্ষী থানাৰ পৰিদৰ্শক আনোৱাৰ হুছেইন চৌধুৰী আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰ পি ৰংমাই দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে চাওকঃ কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.