কৰিমগঞ্জ,10 মাৰ্চ: বুধবাৰে কৰিমগঞ্জ জিলাৰ বাৰইগ্ৰামৰ সমীপৰ 8 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৷ মঙলবাৰে সন্ধিয়া পথ দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷
উল্লেখ্য যে, দুৰ্ঘটনাটো সংঘটিত হৈছিল মঙলবাৰৰ সন্ধিয়া ৷ দক্ষিণ কৰিমগঞ্জৰ প্ৰাৰ্থী আজিজ আহমেদ খানৰ ৰেলীত অংশগ্ৰহণ কৰা AS-01-AC-0659 নম্বৰৰ এখন চাৰিচকীয়া বাহনে এখন ৰিক্সাত খুন্দা মাৰে ৷ যাৰ ফলস্বৰূপে চাৰিজন যাত্ৰী আহত হোৱাৰ লগতে এজন ছাত্ৰ নিহত হয় ৷ নিহত ছাত্ৰজনৰ নাম বিজিত কুমাৰ দেৱ । এই ঘটনাৰ পৰিপ্ৰেক্ষিততে আজি নিহত ছাত্ৰজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীসকলে ৷