ETV Bharat / state

বিদ্যালয়ৰ নামত অহা কুঁৱা স্থাপনক লৈ কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি - উনিশ হাল ইজিএচ প্ৰাথমিক বিদ্যালয়

এটা কুঁৱা স্থাপনক কেন্দ্ৰ কৰি কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি ৷ কৰিমগঞ্জৰ এখন বিদ্যালয়ৰ নামত চৰকাৰৰ ফালৰ পৰা অহা এটা কুঁৱা স্থাপন কৰাক লৈ বিদ্যালয়খনৰ চৌহদত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাতাবাৰী সমষ্টিৰ উনিশ হাল ইজিএচ প্ৰাথমিক বিদ্যালয়ৰ নামত অহা এটা ৰিঙ কুঁৱা চক্ৰান্ত কৰি অন্য এজন লোকৰ ঘৰত স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰি অভিভাৱক সকলে পৰিৱেশ উত্তপ্ত কৰি তোলে ৷

বিদ্যালয়ৰ নামত অহা কুঁৱা স্থাপন কৰাক লৈ কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 9, 2020, 12:43 PM IST

কৰিমগঞ্জ, 9 অক্টোবৰ: কৰিমগঞ্জত এটা ৰিঙ কুঁৱা স্থাপন কৰাক লৈ এখন বিদ্যালয়ৰ চৌহদত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতিৰ ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ ঘামাৰিয়া অঞ্চলৰ উনিশ হাল ইজিএচ প্ৰাথমিক বিদ্যালয়ৰ নামত চৰকাৰৰ ফালৰ পৰা অহা এটা কুঁৱা বিদ্যলয়খনত স্থাপন নকৰি অন্য ঠাইত স্থাপন কৰাক লৈ এই পৰিস্থিতিৰ উদ্ভৱ হয় ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় সমিতিৰ বিপক্ষে অভিভাৱক সকলে অভিযোগ কৰি কয় যে, দীৰ্ঘদিনৰ মূৰকত ছাত্ৰ ছাত্ৰী সকলৰ খোৱাপানীৰ সুবিধাৰ্থে অহা কুঁৱাটো বিদ্যালয় চৌহদত স্থাপন নকৰি একপক্ষীয় সিদ্ধান্ত লৈ আন এজন লোকৰ ঘৰতে স্থাপন কৰিছে ৷

বিদ্যালয়ৰ নামত অহা কুঁৱা অন্য ঠাইত স্থাপন কৰাক লৈ প্ৰতিবাদ

1,18,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগীয়া পানীৰ এই ব্যৱস্থা চৌহদৰ ভিতৰত নকৰি অন্য লোকৰ ঘৰত স্থাপন কৰাক লৈ অভিভাৱক সকলে প্ৰশ্ন উত্থাপন কৰাৰ বিপৰীতে প্ৰধান শিক্ষক গৰাকীয়ে উত্তৰত কয় যে, বিদ্যালয়ৰ ভিতৰত কুঁৱাটো স্থাপন কৰিলে পানী পোৱাটো কঠিন হ'ব বাবেহে এই সিদ্ধান্ত লোৱা হ'ল ৷ ইফালে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে অন্য বহুকেইটা অভিযোগ উত্থাপন কৰি অভিভাৱক সকলে কয়, ছাত্ৰ ছাত্ৰী তথা অভিভাৱকৰ কথাত কোনো গুৰুত্ব আৰোপ নকৰি সম্পূৰ্ণ একক মনোভাৱেৰে প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়খন পৰিচালনা কৰি আহিছে ৷ দুপৰীয়া ছাত্ৰ ছাত্ৰী সকলক নিম্ন মানৰ খাদ্যবস্তু যোগান ধৰাৰ অভিযোগ উত্থাপন কৰি অভিভাৱক সকলে লগতে কয় যে বিদ্যালয়লৈ যাবৰ বাবে কোনো নিজস্ব পথ নোহোৱাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ ছাত্ৰীসকলে বৰষুণৰ দিনত বোকাময় ৰাস্তাৰে অহা যোৱা কৰিব লগীয়া পৰিস্থিতিৰো উদ্ভৱ হয় ৷

লগতে পঢ়ক: জামুগুৰিহাটত আহিনীয়া বানৰ কৱলত বিস্তীৰ্ণ অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.