ETV Bharat / state

এৰেঙ্গাবাদত অবৈধ সুৰা বিক্রীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ - বদৰপুৰ আৰক্ষী

কৰিমগঞ্জ জিলাৰ এৰেঙ্গাবাদত মহিলাৰ প্ৰতিবাদ | দীৰ্ঘ দিনৰ পৰা চলি থকা অবৈধ মদৰ বেহাক লৈ সৰৱ অঞ্চলটোৰ একাংশ মহিলা ৷ স্থানীয় সচেতন মহলে বিষয়টো আৰক্ষীক অৱগত কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

As_kxj_01_protest_against_the_illegal_liquor_at_karimganj_asc10024
এৰেঙ্গাবাদত অবৈধ সুৰা বিক্রীৰ বিৰুদ্ধে মহিলাৰ প্ৰতিবাদ
author img

By

Published : Nov 13, 2020, 10:03 AM IST

কৰিমগঞ্জ,13 নৱেম্বৰ : কৰিমগঞ্জ জিলাৰ এৰেঙ্গাবাদত দীৰ্ঘ দিনৰ পৰা চলি আছে অবৈধ মদৰ বেহা ৷ যাৰ ফলত বিনষ্ট হৈছে অঞ্চলটোৰ পৰিৱেশ ৷ দিন দুপৰতে একাংশ সুৰাপায়ীয়ে অঞ্চলটোত কাজিয়া পেচাল কৰাৰ ফলত উঠি অহা প্ৰজন্মৰ ওপৰত এক বিৰূপ প্ৰভাৱ পৰিছে ৷ বাৰে বাৰে স্থানীয় সচেতন মহলে বিষয়টো আৰক্ষীক অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

অঞ্চলটোৰ একাংশ মহিলাৰ অভিযোগ আৰক্ষী আৰু জন প্ৰতিনিধিৰ ছত্ৰ ছাঁয়াতে চলি আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ৷ কৰিমগঞ্জৰ এৰেঙ্গাবাদৰ মহিলা সকলে বদৰপুৰ আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও কোনো গুৰুত্ব নিদিলে ৷ তাৰ পাছত বৃহস্পতিবাৰে অঞ্চলটোৰ একাংশ মহিলাই খঙত অগ্নিশৰ্মা হৈ ৰাজপথলৈ ওলাই আহে ৷ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অবৈধ মদৰ ব্যৱসায়ী আৰু জন প্ৰতিনিধিক সকিয়নী প্ৰদান কৰে ৷

লগতে পঢ়ক: মহানগৰীত সাংবাদিকক প্ৰহাৰ অনা অসমীয়া ব্যৱসায়ীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.