কৰিমগঞ্জ, 6 নৱেম্বৰ : লাভ জেহাদৰ বিৰুদ্ধে কৰিমগঞ্জত প্ৰতিবাদ ৷ লাভ জেহাদ বন্ধ কৰাৰ দাবীৰে মমবাতি জ্বলাই এক সমদল বাহিৰ কৰি ৰাষ্ট্ৰীয় বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বজৰংগ দলে লাভ জিহাদৰ ঘটনা বন্ধ কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰে ৷
প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰি কয় যে দেশত খুউব দ্ৰুত গতিৰে লাভ জিহাদৰ ঘটনা বৃদ্ধি পাইছে ৷ সময় থাকোতেই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পাছলৈ পৰিস্থিতি অধিক ভয়াবহ হৈ পৰিব বুলিও প্ৰতিবাদকাৰী সকলে সাৱধান বাণী প্ৰদান কৰে ৷ উত্তৰ কৰিমগঞ্জৰ লাঠৰিঘাটৰ পৰা ব্ৰাহ্মনশাসনলৈ দুয়োটা সংগঠনৰ সদস্য সকলে এই মমবাতি জ্বলাই সমদল কৰে ৷
লগতে পঢ়ক: বিটিচি পৰিষদ গঠনৰ পাছতে বিপিএফে ভূমি পট্টা প্ৰদান কৰিব : হাগ্ৰামা মহিলাৰী