ETV Bharat / state

কৰ'ণাৰ নহয়, কৰিমগঞ্জত এতিয়া ড্ৰাগছৰ আতংক - ড্ৰাগছ আশক্ত যুৱক-যুৱতী

কৰ'ণা বিভীষিকাৰ মাজতেই ড্ৰাগছৰ বিৰুদ্ধে পাথাৰকান্দিত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ । ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা মুক্তি বিচাৰি ভোক্তভোগী একাংশ অভিভাৱকে পাথাৰকান্দি চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰিলে স্মাৰকপত্ৰ ৷

protest-against-drugs-parents-at-patharkandi
ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ অভিভাৱকৰ
author img

By

Published : Jul 7, 2020, 8:49 PM IST

কৰিমগঞ্জ,7জুলাইঃ ক'ৰণাতকৈ ভয়াবহ হৈ পৰিছে ড্ৰাগছৰ অবাধ প্ৰচলন । কৰিমগঞ্জ জিলাৰ অলিয়ে-গলিয়ে তথা ক্ষুদ্ৰ পান দোকানত অতি সহজে উপলব্ধ হৈ পৰিছে বৰবিহ ড্ৰাগছ । এই বৰবিহ সেৱন কৰি যুৱ প্ৰজন্ম ধংসৰ দিশে গতি কৰিবলৈ ধৰিছে । ইয়াৰ প্ৰভাৱ পৰা দেখা গৈছে ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ পৰিয়ালৰ ওপৰত ।

ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ অভিভাৱকৰ

ইফালে কৰ'ণা মহামাৰীৰ সময়তো সামাজিক ব্যবধানৰ কথা চিন্তা নকৰাকৈ একাংশ ভোক্তভোগী অভিভাৱকে মঙলবাৰে পাথাৰকান্দি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৌহদত প্ৰতিবাদ সাবস্ত্য কৰে। একাংশ অভিভাৱকে অভিযোগ কৰি কয় যে, ড্ৰাগছৰ বেহাৰ অন্তৰালত আছে একাংশ জনপ্ৰতিনিধি ৷ ড্ৰাগছৰ লগত জড়িত ব্যক্তিক ৰাইজে আটক কৰি আৰক্ষীৰ হাতত গতাই দিলে সেই অপৰাধীক থানাৰ পৰা উলিয়াই লৈ যায় একাংশ প্ৰভাশালী লোকে। ইপিনে মাৰাত্মক ব্যাধি হৈ পৰা ড্ৰাগছ সন্ত্ৰাসত অতিষ্ঠ হৈ সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজৰ লগতে অভিভাৱক সকলে ।

লগতে পঢ়কঃ জগত কোৱঁৰৰ পৰিয়ালক আৰ্থিক ক্ষতিপুৰণ প্ৰদান বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.