ETV Bharat / state

অডিঅ’ ক্লিপিং ভাইৰেল:সংখ্যালঘু ছাত্ৰ বৃত্তিৰ গোচৰ প্ৰত্যাহাৰৰ বাবদ ৫০ লাখটকীয়া প্ৰস্তাৱ - উপঢৌকন

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ কৰিমগঞ্জ জিলা সমিতিৰ সভাপতি ফজল আলম ছিদ্দিকিলৈ এটা অজ্ঞাত নম্বৰৰ পৰা অহা ফোন কলত এই গোচৰ উঠাই লোৱাৰ বাবদ 50 লাখ টকাৰ উপঢৌকন আগবঢ়োৱা হৈছিল ৷ এই সুবিধা গ্ৰহণ নকৰিলে পৰিস্থিতি ভয়ংকৰ হোৱাৰো হুমকি প্ৰদান কৰা হৈছিল ছিদ্দিকিক ৷ কিন্তু বৰ্তমান এই ফোন কলৰ অডিঅ’ ভাইৰেল হৈ সংবাদ মাধ্যমৰ সন্মুখলৈ আহে ৷

Proposal of fifty lakhs for withdrawal of student scholarship complaint karimganj assam etv bharat news
নিলাম বাজাৰ আৰক্ষী থানা
author img

By

Published : Jul 21, 2020, 3:46 PM IST

কৰিমগঞ্জ,21 জুলাই: সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত কেলেংকাৰীয়ে তোলাপাৰ সৃষ্টি কৰিছে ৰাজ্যত ৷ উক্ত কেলেংকাৰী সন্দৰ্ভত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হৈছিল সংবাদ মাধ্যমত ৷ সম্প্ৰতি উক্ত গোচৰ প্ৰত্যাহাৰৰ বাবে আগবঢ়োৱা প্ৰায় 50 লক্ষাধিক টকাৰ কথা জড়িত এক অডিঅ’ ক্লিপিং ভাইৰেল হোৱাত ঘটনাই অন্য মোৰ লোৱা দেখা গৈছে ৷

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্টীকৰণ

ঘটনাৰ বিৱৰণী অনুসৰি,এই কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংগঠনটোৰ কৰিমগঞ্জ জিলা সমিতিৰ সভাপতি ফজল আলম ছিদ্দিকিলৈ এটা অজ্ঞাত নম্বৰৰ পৰা অহা ফোনকলত এই গোচৰ উঠাই লোৱাৰ বাবদ 50 লাখ টকাৰ উপঢৌকন আগবঢ়োৱা হৈছিল ৷ এই সুবিধা গ্ৰহণ নকৰিলে পৰিস্থিতি ভয়ংকৰ হোৱাৰো হুমকি প্ৰদান কৰা হৈছিল ছিদ্দিকিক ৷ কিন্তু বৰ্তমান এই ফোনকলৰ অডিঅ’ ভাইৰেল হৈ সংবাদ মাধ্যমৰ সন্মুখলৈ আহে ৷

উপঢৌকন আগবঢ়োৱা অডিঅ’ ক্লিপিং ভাইৰেল

উল্লেখ্য যে,সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত বৃহৎ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে আজিও অব্যাহত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আইনী যুঁজ । সংগঠনটোৱে এই ফোন কল লাভৰ পিছতে ঘটনা সন্দৰ্ভত পুনৰ তিনিটাকৈ পৃথক গোচৰ ৰুজু কৰিছে নিলাম বাজাৰ,বদৰপুৰ আৰু কৰিমগঞ্জ আৰক্ষী থানাত ৷ আৰক্ষীয়ে পৰৱৰ্তী সময়ত এই কেলেংকাৰী সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে চাওকঃ চিৰাঙৰ বান-গৰাখহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.