কৰিমগঞ্জ, 23 ডিচেম্বৰ: এটা ৰাজপথে জ্বলাকলা খুৱাইছে কৰিমগঞ্জবাসীক ৷ বিগত বহু বছৰ ধৰি পুনঃ নিৰ্মাণৰ অভাৱত জহি খহি হৈছে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আছিমগঞ্জ আৰু পাথাৰকান্দিৰ মাজৰ অংশ ৷ বৰ্তামান পথটোৰ অৱস্থা ইমানেই শোচনীয় যে, স্বাভাৱিক জীৱন যাত্ৰাতো দুৰ্ভোগ ভুগিব লগীয়া হৈছে পথচাৰীয়ে ৷
উল্লেখ্য যে, নিৰ্মাণৰ অভাৱত জহি-খহি যোৱা পথটোত এতিয়া কেৱল ধূলি আৰু ধূলি ৷ যাৰ বাবে সেই পথেৰে যাতায়ত কৰাত যমৰ যাতনা ভুগিব লগা হৈছে পথচাৰী সকলে ৷ প্ৰত্যেক দিনাই হাজাৰ হাজাৰ যানবাহন চলাচল কৰা পথটো এতিয়া পৰিণত হৈছে মৰণ-ফান্দলৈ ৷ কেৱল ধুলিয়েই নহয়, শীতৰ এই সময়ছোৱাত ধুলি আৰু কুঁৱলীৰ আচ্ছাদনৰ মিশ্ৰণে আৱৰি যাতায়তত অসুবিধাৰ সৃষ্টি কৰিছে পথচাৰীক ৷ ইয়াৰ উপৰিও অত্যাধিক ধূলিৰ ফলত বিভিন্ন ধৰণৰ ৰোগতো আক্ৰান্ত হৈছে স্থানীয় বহু লোক ৷
ৰাইজৰ অভিযোগ পথটোৰ উন্নয়নৰ ক্ষেত্ৰত জন প্ৰতিনিধিয়ে বছৰ-বছৰ ধৰি কেৱল প্ৰতিশ্ৰুতিতে সীমাবদ্ধ হৈ আছে ৷ কিন্তু হাতে কামে পথটো উন্নয়ন কৰাৰ ক্ষেত্ৰত কাণসাৰ নাই ৰজাঘৰীয়াৰ । উল্লেখ্য যে, ভুক্তভোগী ক্ষোভিত ৰাইজে বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী জনাইছে ৷