ETV Bharat / state

ভগ্নাৱশেষত কৰিমগঞ্জৰ নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ - karimganj GNM ANM nursing center

জহি খহি গৈছে কৰিমগঞ্জ নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ ৷ যিকোনো সময়তে ডাঙৰ দূৰ্ঘটনাত সংঘটিত হোৱাৰ আশংকাত প্ৰশিক্ষণৰত ছাত্ৰী আৰু প্ৰশিক্ষকসকল ৷ নিৰ্মাণকাৰ্যৰ মাত্ৰ 7 বছৰতে অট্টালিকাটোৰ এনে দুৰাৱস্থাই ক্ষোভিত কৰিছে ছাত্ৰীসকলক ৷

কৰিমগঞ্জ
ভগ্নাৱশেষত কৰিমগঞ্জৰ নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ
author img

By

Published : Feb 6, 2020, 5:32 PM IST

কৰিমগঞ্জ, 6 ফেব্ৰুৱাৰীঃ বিপদসংকুল অৱস্থাত কৰিমগঞ্জৰ নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ ৷ যাৰ বাবে যিকোনো সময়তে ডাঙৰ দূৰ্ঘটনাত সংঘটিত হোৱাৰ আশংকাত ভুগিছে প্ৰশিক্ষণৰত ছাত্ৰী আৰু প্ৰশিক্ষকসকল । বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত ঠিকাদাৰে অতি নিম্ন মানৰ কামৰে কোটি কোটি টকা আত্মাসাৎ কৰে বুলি অভিযোগ উত্থাপন কৰে প্ৰশিক্ষণৰত ছাত্ৰীসকলৰ লগতে প্ৰশিক্ষকসকলে ৷

অট্টালিকাটোৰ নিৰ্মাণকাৰ্যৰ মাত্ৰ 7 বছৰতে জি.এন.এম. আৰু এ.এন.এম নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ চৰকাৰী অট্টালিকাটো জহি খহি যোৱা দুৰৱস্থাই ক্ষোভিত কৰিছে ছাত্ৰীসকলক লগতে প্ৰশিক্ষকসকলক৷

ভগ্নাৱশেষত কৰিমগঞ্জৰ নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰ

আনহাতে, প্ৰশিক্ষণ কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি পানী যোগান আৰু বিদ্যুৎ সেৱা বন্ধ ৰখা হৈছে বুলি অভিযোগ উত্থাপন কৰে ছাত্ৰীসকলে । বিদ্যুৎ সেৱা বন্ধ ৰখাৰ ফলত প্ৰতিকূল বতৰত পাঠদান বৰ্জন কৰিব লগা হয় বুলিও মন্তব্য কৰে প্ৰশিক্ষকসকলে ।

আৰু পঢ়কঃ প্ৰতিৰক্ষা বাজেট সম্পৰ্কত কিছু কথা

Intro:Body:*SLUG:-7 YEARS OLD HEALTH BUILDING IN DANGER CONDITION, KARIMGANJ

সাত বছৰৰ মুৰতে জহি খহি গৈছে কেইবা কোটি টকাৰে নিৰ্মিত চৰকাৰি এখন অট্টালিকা। অট্টালিকাৰ ভীম আৰু দেৱালত প্ৰকাণ্ড প্ৰকাণ্ড ফাট ধৰাৰ বাৱে কৰিমগঞ্জৰ তিনিমহলিয়া নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰটো বিপদসংকুল অবস্থাত অবস্থান কৰি আছে। যিকোনো সময়তে ডাঙৰ দূৰ্ঘটনাত সংঘটিত হোৱাৰ আশংকাত ভুগিছে প্ৰশিক্ষণৰ ছাত্ৰী আৰু শিক্ষয়িত্ৰী সকলে। বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত ঠিকাদাৰে অতি নিম্ন মানৰ কামৰে কোটি কোটি টকা সৰকাই নি আজিৰ দিনত বিপদত পেলাইছে ছাত্ৰী আৰু শিক্ষাকাক।
নিৰ্মানৰ মাথৌ ৭ বছৰৰ মুৰতে এখন কেইবাকোটি টকিয়া চৰকাৰি অট্টালিকা কৰুণ অবস্থাত অবস্থান কৰি আছে। যিকোনও সময়তে তিনিমহলিয়া অট্টালিকাখন বাগৰি পড়ি ভয়ানক বিপৰ্য্যয় হব পাৰে। নিৰ্মাণৰ মাথৌ সাত বছৰৰ মুৰত জহি খহি গৈছে কোটি কোটি টকাৰে নিৰ্মিত কৰিমগঞ্জৰ জি.এন.এম. আৰু এ.এন.এম নাৰ্চিং প্ৰশিক্ষণ কেন্দ্ৰৰ অট্টালিকা। ২০১২ চনৰ এপ্ৰিল মাহত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী সহ আন বিশিষ্ট কেইজনে এই তিনি মহলিয়া অট্টালিকাৰ উদ্ভোধন কৰিছিল। জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰীয়ে এই কেন্দ্ৰটোত প্ৰক্ষিণ লাভ কৰা এনে এটি প্ৰতিষ্ঠানৰ বৰ্তমান অৱস্থা ভয়াবহ। সমগ্ৰ বিলডিংৰ দেৱাল জহি খহি পৰিছে। আনকি মুল খূটাসমুহ আৰু ভীম সমুহত ডাঙৰ ডাঙৰ ফাল মেলিছে। যিকোনো সময়তে ডাঙৰ দূৰ্ঘটনা সংঘটিত হোৱাৰ আশংকাত ভুগিছে ৰাজ্যৰ বিভিন্ন প্ৰান্থৰ পৰা অহা প্ৰশিক্ষণৰত ছাত্ৰী আৰু শিক্ষয়িত্ৰী সকলে। কেৱল এয়াই নহয়, অট্টালিকাটোত থকা বহুকেইটা দ্বাৰ ওলুপোকায় খাই পেলাইছে। প্ৰতিষ্ঠানৰ অধিকাংশ আচবাবপত্ৰও জহি খহি গৈছে।
আনকি প্ৰশিক্ষন কেন্দ্ৰটোত দীৰ্ঘদিন ধৰি পানী যোগান বন্ধ ৰখা হৈছে। বিদ্যুত্ পৰিসেৱাও বন্ধ হৈ আছে কেইবামাহ ধৰি। যাৰ ফলতে বতৰ ফৰকাল লে এন্ধাৰ হোৱাৰ ফলত কেতিৱাবা কাল্ছ বন্ধ ৰাখিবলগা হয় বুলিও জনাইছে প্ৰশিক্ষকে। সকলো মিলি যমৰ যাতনা ভূগিবলগা হৈছে ছাত্ৰী সহ প্ৰশিক্ষক সকলক।
বিভাগীয় কৰ্তৃপক্ষৰ সহযোগত ঠিকাদাৰে অতি নিম্ন মানৰ কামৰে কোটি কোটি টকা সৰকাই নিয়াই পাছত চৰাকৰে এনে ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যবস্থা লয় এয়াই হব লক্ষনীয়।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.