ETV Bharat / state

কমিগঞ্জত নিজাববীয়াকৈ সাজি উলিওৱা হ'ল ক'ভিড কেয়াৰ চেণ্টাৰ - চেণ্টাৰ

কৰিমগঞ্জৰ বাদশাহী টিলা গাঁৱৰ ৰাইজে নিজাববীয়াকৈ সাজি উলিয়ালে এটা ক'ভিড কেয়াৰ চেণ্টাৰ ৷ গাঁওখনৰ ক'ভিড আক্ৰান্ত ৰোগীক সহায় কৰাৰ লগতে গাঁওখনত গণসক্ৰমণ ৰোধ কৰাৰ বাবে গাঁওবাসীয়ে গ্ৰহণ কৰে এই ব্যৱস্থা ৷

AS_KRJ_19JUN_PERSONAL COVID CARE CENTER_vis_as12193487
কমিগঞ্জত নিজাববীয়াকৈ সাজি উলিওৱা হ'ল ক'ভিড কেয়াৰ চেণ্টাৰ
author img

By

Published : Jun 20, 2021, 10:18 AM IST

কৰিমগঞ্জ, 20 জুন : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ ইয়াৰ মাজতে কৰিমগঞ্জ জিলাৰ এখন গাঁৱে গ্ৰহণ কৰিছে এক উল্লেখনীয় পদক্ষেপ ৷ জিলাখনৰ বাজাৰিচৰা গাঁও পঞ্চায়তৰ বাদশাহী টিলা গাঁৱৰ ৰাইজে নিজাববীয়াকৈ সাজি উলিয়াইছে এটা ক'ভিড কেয়াৰ চেণ্টাৰ ৷ গাঁও খনত বাস কৰা খাচী সম্প্ৰদায়ৰ লোক সকলে গাঁওখনৰ ক'ভিড আক্ৰান্ত ৰোগী সকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰে এই ব্যৱস্থা ৷

উল্লেখ্য যে, গাঁওখনত বৰ্তমানলৈকে 32 গৰাকী লোক আক্ৰান্ত হৈছে কৰ'ণা মহামাৰীত ৷ গাঁওখনত প্ৰতিদিনে কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে গাঁওবাসীয়ে গ্ৰহণ কৰে এই ব্যৱস্থা ৷ গাঁওখনৰ মুৰব্বীৰ নিৰ্দেশতে গাঁওখনৰ ভিতৰৰ এখন পৰিত্যক্ত হৈ পৰি থকা এটা ঘৰক ক’ভিড কেয়াৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলে আৰু কৰ'ণা আক্ৰান্ত সকলক কেন্দ্ৰটোত ৰখাৰ ব্যৱস্থা কৰে ৷ ক'ভিডৰ সকলো নীতি- নিয়ম মানি আক্ৰান্ত সকলৰ ঘৰটোত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷

কমিগঞ্জত নিজাববীয়াকৈ সাজি উলিওৱা হ'ল ক'ভিড কেয়াৰ চেণ্টাৰ

ইপিনে আক্ৰান্ত সকলক চিকিৎসা আগবঢ়াই আহিছে বেচৰকাৰী মাকুন্দা লেপ্ৰসি কাম জেনেৰেল হাস্পতালৰ চিকিৎসক আৰু নাৰ্চে ৷

যি সময়ত ক'ভিড নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনে ৰাইজক এই মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ নিত্য নতুন নিয়ম বান্ধি দিছে ৷ ইয়াৰ বিপৰীতে বহু লোকে ক'ভিড বিধি অমান্য কৰি ফুৰিছে ৷ কিন্তু এই গাঁও খনৰ ৰাইজে ক'ভিডৰ সকলো নীতি-নিয়ম মানি নিজৰ পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীক ৰক্ষাৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা হাতত লোৱা এই পদক্ষেপে সমাজত এক উল্লেখনীয় বাৰ্তা প্ৰেৰণ কৰিছে ৷

আনহাতে, বৰ্তমানলৈকে গাঁও খনৰ কোনো এজন লোকে চৰকাৰৰ পৰা সহায় পোৱা নাই বুলি মন্তব্য কৰে গাঁওবাসীয়ে ৷ কিন্তু আক্ৰান্ত সকলক স্থানীয় জিলা পৰিষদৰ সদস্য সহেলি দে নামৰ ব্যক্তি গৰাকীয়ে ব্যক্তিগতভাবে অত্যাৱশ্যকীয় সামগ্ৰী দি সহায় কৰিছে বুলি জনায় স্থানীয় ৰাইজে ৷

ইপিনে, গাঁওবাসীয়ে নিজা প্ৰচেষ্টাৰে সাজি উলিওৱা ক'ভিড কেয়াৰ চেন্টাৰটোৰ দ্বাৰা গাঁওখনত গণসক্ৰমণ হোৱাৰ পৰা ৰক্ষা কৰিব বুলি মন্তব্য কৰাৰ লগতে গাঁওবাসীৰ এই কাৰ্যক শলাগ জনায় জিলাখনৰ বহু দল- সংগঠনে ৷

অন্য এক খবৰৰ বাবে: পৰম্পৰাগত কৃষি ব্যৱস্থাক পৰ্যটনৰ আৰ্হিত গঢ়ি তুলিব লাগিব: ডাঃ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.